আজৱ কাণ্ড : পথ নিৰ্মাণ হোৱাৰ আগতেইদেখুৱালে ফলকত
পথৰ কাম শেষ হোৱা বুলি ।
ধিং, ৫ নৱেম্বৰ : মৰিগাঁও আৰু নগাঁও জিলাৰ সীমামূৰীয়া মৈৰাধচ গাওঁৰ ৰাইজৰ বহু দিনীয়া সমস্যা আছিল এটি পথৰ । বহু দিন অপেক্ষাৰ অন্তত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অন্তৰ্গত বি এম ডি পথৰ পৰা বালিজান বজাৰলৈ 2.340 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটি নিৰ্মান হল
নিৰ্মাণৰ এবছৰ নহওঁতেই পথটি কিছু কিছু অংশ জহি খহি যোৱাত স্থানীয় ৰাইজে ঠিকাদাৰ বদৰুল ইছলামৰ লগত যোগাযোগ কৰাত কোনো সঁহাৰি নোপোৱাত নগাঁও জিলা উপায়ুক্তক এক লিখিত অভিযোগ দাখিল কৰে যদিও কোনো ধৰণৰ সঁহাৰি নাপাই ক্ষোভিত হৈ পৰিছে গাঁওবাসী।
গাঁওবাসীৰ অভিযোগ পথটি মেৰামতি (Maintenance) কৰিবৰ বাবে চৰকাৰী নিয়ম থকাৰ ভাৱে ফলকত ভুলকৈ তাৰিখ লগাই ঠিকাদাৰে সকলোৰে চকুত ধূলি দিছে।গাঁওবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি শিগ্ৰেই এই বিষটো গুৰুত্ব সহকাৰে লৈ বিহীত ব্যৱস্থা লবৰ বাবে দাবী জনায়।
Pls Comment & share