মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো ভেঙুচালি কৰি এতিয়া চামগুৰিৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দপদপনি দালালৰ।
দুদিন পূৰ্বে মন্ত্ৰী যোগেন মহনে চাডেন ভিজিত দিয়া কাৰ্যালয়টোত দালালৰ দপদপনিত এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ। দালাল ৰাজৰ কলা অধ্যায় শেষ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অহৰহ প্ৰচেষ্টা চলাই থকাৰ সময়তে যেন মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশক গুৰুত্বই দিব বিচৰা নাই চামগুৰি ৰাজহচক্ৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীয়ে । চামগুৰি গেৰুৱাটিৰ এজন বৃদ্ধ ব্যক্তি ব্যতিব্রস্ত হৈ পৰিছে দালালৰ কৰ্মকাণ্ডত। বৃদ্ধ লোক জনৰ অভিযোগ যে ৰাজহ চক্ৰৰ কাৰ্যালয়টোত দালালি কৰি আছে ৰফিক নামৰ এজন ব্যক্তিয়ে। লগতে ৰফিক নামৰ এই দালালটোৱে কথাই প্ৰতি অশ্ৰাৱ্য গালি গালাজ পাৰি ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে, দুদিন পূৰ্বে ৰাজহচক্ৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হৈছিলহি ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন। মন্ত্ৰীগৰাকীৰ এই চাডেন ভিজিতৰ সময়তো দালালৰাজৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে ।
Pls Comment & share