বানাক্ৰান্ত ৰাইজৰ আবাস গৃহ পুণৰ নিৰ্মাণৰ বাবে বাঁহ যোগান বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।।
সাম্প্ৰতিক বিধ্বংসী বানত ক্ষতিগ্ৰস্ত হোৱা সোণাৰি সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ আবাস গৃহসমূহ পুণৰ নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টিৰ সাপেখাটী মণ্ডল সমিতিয়ে । সমষ্টিটোৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ বাবে আবাস গৃহ পুনৰ নিৰ্মাণৰ উদ্দেশ্যে আজি বাঁহ সংগ্ৰহ কৰি যোগান ধৰাৰ ব্যৱস্থা কৰা হয়।
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰচেষ্টাত আৰু ভাৰতীয় জনতা পাৰ্টিৰ সাপেখাটী মণ্ডলৰ সহযোগত এই বাঁহসমূহ বানাক্ৰান্ত পৰিয়ালসমূহক যোগান ধৰাৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে, বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে বাঁহসমূহ বিনামূলীয়াকৈ প্ৰদান কৰে ভাৰতীয় জনতা পাৰ্টিৰ কৃষাণ মৰ্চাৰ সাপেখাটী মণ্ডলৰ প্ৰাক্তন সভাপতি মতি চেতিয়াই। এই মহানুভৱতাৰ বাবে বিধায়কগৰাকীয়ে মতি চেতিয়াক আন্তৰিক ধন্যবাদ আৰু জ্ঞাপন কৰে।
সাম্প্ৰতিক বানত ঘৰ-বাৰী ক্ষতিগ্ৰস্ত হৈ বিপদৰ সন্মুখীন হোৱা পৰিয়ালসমূহে যাতে পুণৰ নিজৰ বাসগৃহ নিৰ্মাণ কৰি স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। দুৰ্যোগৰ সময়ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি তেওঁলোকক সম্ভৱপৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
এই কাৰ্যসূচীত সাপেখাটী মণ্ডল বিজেপিৰ সভাপতি প্ৰাঞ্জল গগৈ, চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, সাপেখাটী মণ্ডলৰ সাধাৰণ সম্পাদক হৰেন চাংমাই, উপ-সভাপতি তপন টুডু, সাপেখাটী মণ্ডল কৃষাণ মৰ্চাৰ সভাপতি ৰঞ্জিত বৰগোহাঁইৰ লগতে মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
বানাক্ৰান্ত ৰাইজৰ পুনৰ সংস্থাপন আৰু স্বাভাৱিক জীৱনযাত্ৰা পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত এনে সহযোগিতামূলক প্ৰচেষ্টা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

Pls Comment & share