বিধায়ক শ্বেৰমান আলীৰ AIUDF লৈ গমন ।
D24NEWSASSAM : কংগ্ৰেছৰ নিলম্বিত বিধায়ক গৰাকীক ইতিমধ্যে বৰপেটা জিলা AIUDF সমিতিয়ে শৰাই গামোচাৰে আদৰণিও জনাইছে ৷ জিলা AIUDF এ অতি গোপনে বাঘবৰৰ বিধায়কজনক আদৰণি জনোৱা ফটো ভাইৰেল হৈ পৰাৰ পিচতেই শ্বেৰমান আলী আহমেদে কংগ্ৰেছত থাকে নে কংগ্ৰেছ ত্যাগ কৰিব সেই লৈ চলি থকা জল্পনা কল্পনাৰ ওৰ পৰিল ৷দলীয় সূত্ৰই জনোৱামতে, বৰিতমান দিল্লীত থকা AIUDFৰ সভাপতি বদৰুদ্দিন আজমললৈ অপেক্ষা দলীয় নেতৃত্বৰ ৷
অহা ২৪ ডিচেম্বৰত আজমল অসমলৈ আহিব আৰু তাৰপিচতেই AIUDF ত আনুষ্ঠানিকভাৱে যোগদানৰ কথা আগবাঢ়িব ৷ জানিব পৰা মতে, আগন্তুক বিধানসভাৰ অধিবেশনৰ পূৰ্বে দলত্যাগ কৰাৰ সম্ভাৱনা নাই শ্বেৰমানৰ ৷বিধানসভাৰ অধিবেশনৰ পিচতেই শ্বেৰমান আলী আহমেদে বিধায়ক পদ ত্যাগ কৰিব আৰু AIUDFৰ পৰা উপ নিৰ্বাচনত প্ৰাৰ্থী হব ৷ শ্বেৰমান আলী আহমেদৰ AIUDF গমনক লৈ কংগ্ৰেছ মহলতো ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷
বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত।
নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিত একাংশ কংগ্ৰেছী কৰ্মীয়ে বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাৰাগাৰৰ (জেল) পৰা মুক্তি পোৱাৰ পিছত ৭১নং আলোপতি মাজৰ চৰ গাঃ পঞ্চায়তত বিধায়ক শ্বেৰমান আলীয়ে পদাৰ্পন কৰিছিল, প্ৰকৃততে কংগ্ৰেছ প্ৰেমীক ৰাইজে যেতিয়া গম পালে যে, আজি বিধায়ক শ্বেৰমান আলীয়ে আলোপতিত আহিছে তাৰ পিছতেই উত্তেজিত ৰাইজে, শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰেবিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে।
বিধায়ক শ্বেৰমান আলীয়ে জেইলৰ পৰা উলায়েই চামগুৰিৰ বিধায়ক ৰকিবুল হুছাইন আৰু পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰসিদ মণ্ডলক অপদাৰ্থ আৰু কাপুৰুষ বুলি আখ্যা দিছিলযাৰ পৰিপেক্ষিতত একাংশ কংগ্ৰেছ কৰ্মীয়ে বাঘবৰৰ আলোপতিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পু্ত্তলিকা দাহ কৰেকংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক প্ৰতিবাদ কাৰীয়ে ভণ্ড বুলি আখ্যা দিয়ে।
শ্বেৰমান আলী মুৰ্দাবাদ, শ্বেৰমান আলীৰ ভণ্ডামি বন্ধ কৰক। বিভিন্ন ধৰণৰ নানা শ্ল-গানেৰে উত্তাল কৰি তুলে আৰু প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক জনৰ নিজ সমষ্টিৰ কংগ্ৰেছী কৰ্মীসকলে।
Pls Comment & share