ৰাজনৈতিক নেতাৰ অশ্লীল প্ৰস্তাৱ মহিলাক ।
এইজন লম্পট যুৱক শ্বৰিফুল ইছলাম । এই লম্পটটো কোনো এলাপেছা বিধৰ সাধাৰণ যুৱক নহয় । কাৰণ ফটোৱে দিব এওৰ পৰিচয় । কোনজন নেতাৰ লগত ফটো নাই এইজন লম্পটৰ ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পৰা আৰম্ভ কৰি সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, বিধায়ক নুৰুল হুদা, বিধায়িকা শিৱামনী বৰা, বিধায়ক দেৱব্ৰত শইকীয়া আদি কৰি অসমৰ প্ৰায় সংখ্যক মন্ত্ৰী-বিধায়কৰ লগত আছে এইজন লম্পটৰ ফটো । বিগত সময়ত বটদ্ৰৱাত কংগ্ৰেছৰ নেতা হৈ থকা এইজন লম্পট এতিয়া বিজেপিৰ ডাঙৰ নেতা । পিছে এওৰ কৰ্মমকাণ্ডৰ কথা শুনিলে আজি আচৰিত হব আপুনিও ।
এই লম্পটটোৱে নগাওঁ জিলাৰ জাজৰিত সংঘটিত কৰিলে এক নিকৃষ্ট কাণ্ড । ঘৰত স্বামী নথকাৰ সুযোগ লৈ এগৰাকী মহিলাক বলপূর্বকভাৱে ধৰ্ষণৰ অপচেষ্টা কৰাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে । জাজৰিৰ হাতিজুজুৱা গাঁৱৰ আয়েছা খাতুন নামৰ মহিলা গৰাকীক লম্পট শ্বৰিফুল ইছলামে দীৰ্ঘদিন ধৰি নিৰ্যাতনৰ অপচেষ্টা কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে ।
মবাইল ফোন যোগেদিও বিভিন্ন প্ৰলোভনেৰে মহিলা গৰাকীক অপকৰ্ম কৰাৰ চেষ্টা কৰি আহিছে বুলি অভিযুগ উঠিছে । যোৱাকালি নিশা লম্পট শ্বৰিফুলে অকলশৰীয়া মহিলা গৰাকীক বলপূর্বকভাৱে দৰ্জা ঠেলি ঘৰত প্ৰৱেশ কৰি ধৰ্ষণৰ অপচেষ্টা কৰিব লওতেই ওচৰতে থকা পৰিয়ালৰ লোকে শ্বৰিফুলক হাতে লুটে আটক কৰি দিয়ে লপা-থপা ।
পৰিস্থিতী উত্তপ্ত হোৱা মাত্রকে সুবিধা বুজি স্থানীয় ছুবদিৰ ইছলাম ,মুকুট আলি,আব্বাছ আলি আৰু আলমে কৌশলেৰে শ্বৰিফুলক পলায়ন কৰাৰ সুযোগ দিয়ে । উক্ত ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায় বিচাৰি কাষ চাপিছে জাজৰি আৰক্ষীৰ । পিছে এইজন লম্পট নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয় হব ।
Pls Comment & share