কংগনা ৰানাৱটৰ পুনৰ বিতৰ্কিত মন্তব্য ! ভাৰতক ‘জেহাদী ৰাষ্ট্ৰ’ বুলি কৈ...
ক’লে - যদি ৰাস্তাৰ পৰা আইন প্ৰণয়ন আৰম্ভ কৰে তেন্তে ই এখন জেহাদী ৰাষ্ট্ৰ ।
কৃষি আইন ঘূৰাই অনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তক লজ্জাজনক বুলি অভিহিত কৰি এক বিতৰ্কিত মন্তব্য কৰিছে।বিভিন্ন বিষয়ত বিতৰ্কিত মন্তব্য কৰা অভিনেত্ৰী কংগনা ৰানাৱট বৰ্তমান দিনত যথেষ্ট বিতৰ্কত আছে। কৃষি আইন ঘূৰাই অনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তক লজ্জাজনক বুলি অভিহিত কৰি এক বিতৰ্কিত মন্তব্য কৰিছে। কৃষি আইন প্ৰত্যাৱৰ্তনক লৈ ক্ষুব্ধ হৈ কংগনাই ভাৰতক ‘জেহাদী ৰাষ্ট্ৰ’ বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে আজি দেশলৈ দিয়া ভাষণত তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।
কংগনা ৰাণাৱটে কি কৈছিল ?
কংগনাৰ টুইটাৰ একাউণ্ট যদিও নিলম্বিত কৰা হৈছে, কিন্তু তেওঁ ইনষ্টাগ্ৰাম ষ্টোৰীজ আপলোড কৰি নিৰন্তৰ বিষাক্ত মন্তব্য প্ৰদান কৰি আছে । কংগনাই ইনষ্টা ষ্টৰীত কৃষি আইন প্ৰত্যাৱৰ্তনক কৰুণ আৰু লজ্জাজনক বুলি বৰ্ণনা কৰি লিখিছিল, “যদি সংসদত নিৰ্বাচিত চৰকাৰৰ পৰিৱৰ্তে ৰাজপথত মানুহে আইন প্ৰণয়ন কৰা আৰম্ভ কৰে তেন্তে ই এখন জেহাদী ৰাষ্ট্ৰ ।
Pls Comment & share