পুনৰ আৰম্ভ আন এখন নাটক : এন আৰ চি পুনৰীক্ষণত চৰকাৰ আছুৰ সহমত :
আছুৰ নেতৃত্বই এই বৈঠকত ভোটাৰ তালিকাৰ পৰা বিদেশীক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বহিষ্কাৰ কৰিব লাগে বুলি বুলি জনোৱাৰ লগতে আৰক্ষীক শক্তিশালী কৰিব লাগে, বিদেশী ন্যায়াধিকৰণ সমূহক শক্তিশালী কৰিব লাগে, প্ৰত্যেক জিলাত এজন বিশেষ আৰক্ষী অধীক্ষক নিযুক্ত কৰিব লাগে, জে’লত থকা বিদেশীসকলক ক্ষীপ্ৰতাৰে বহিষ্কাৰৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী উত্থাপন কৰে ৷
ইয়াৰ উপৰি দ্বিপাক্ষীক চুক্তি নোহোৱাৰ বাবে বিদেশীৰ প্ৰত্যাৰ্পন হোৱা নাই বুলিও কয় ৷ বিদেশীক চিনাক্তকৰণৰ বাবে প্ৰশাসনিক যন্ত্ৰটো সবল নহয় বুলিও কয় ৷ লগতে খিলঞ্জীয়াৰহে প্ৰভূত্ব থাকিব লাগিব এইখন অসমত ৷ বিদেশী বহিষ্কাৰৰ বাবে দ্বিপাক্ষীক চুক্তি হ’বই লাগিব বুলি কেন্দ্ৰৰ লগত আলোচনা কৰিবলৈ অসম চৰকাৰক আমি হেঁচা দিছো বুলি কয় ।
Pls Comment & share