ভোকৰ তাৰণাত বিক্ৰী কৰিলে ৯ বছৰীয়া কণমানি শিশু সন্তানক
আফগানিস্তান তালিবানে দখল কৰাৰ পিছতেই সেই দেশৰ অৱস্থা অতি বেয়াৰ পিনে ঢাল খাইছে।বৰ্তমান আফগানিস্তানে আৰ্থিক সংকটত ভুগিছে ।
ইয়াৰ মাজতে আফগানি লোকে খাদ্যৰ বাবে নিজৰ শিশু সন্তানক বিক্ৰী কৰা পৰ্যন্ত খবৰ পোহৰলৈ আহিছে।এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে আফগানিস্তানত। নিজ পিতৃয়ে ৫৫ বছৰীয়া এজন ব্যক্তিৰ ওচৰত বিক্ৰী কৰিলে তেওৰ ৯ বছৰীয়া এটি শিশুক সন্তানক । ইয়াৰ বাবদ পৰিয়ালটোৱে লাভ কৰে ২ লাখ টকা।
জানিব পৰা মতে পৰিয়ালটোত ৮ গৰাকী সদস্য আছে। কিন্তু টকাৰ অভাৱত এসাঁজ খাদ্যৰ বাবে দিনটো চিন্তা কৰিব লগীয়া হয়। তেনে স্থলত জীৱাই থকাৰ বাবে পৰিয়ালটোৰ বাবে আন কোনো বিকল্প নথকাৰ বাবেই । তাৰপিছতেই পিতৃয়ে ৯ বছৰীয়া শিশুটিক বিক্ৰী কৰি দিয়ে।
কুৰ্বান নামৰ ব্যক্তি গৰাকীৰ ওচৰত আব্দুল মালিক নামৰ লোকজনে কন্যাক বিক্ৰী কৰি কয় যে এও তোমাৰ কইনা, তোমাৰ সন্তাতানৰ দৰে ইয়াৰ যত্ন লব, তাইক মাৰপিট নকৰিব।
উল্লেখ্যে যে, কিছুদিন পূৰ্বে আব্দুলে তেওঁৰ ১২ বছৰীয়া আন এগৰাকী কন্যাক বিক্ৰী কৰিছিল।
Pls Comment & share