চমকা গাৱঁৰ হত্যাকাণ্ডৰ মূল অপৰাধী আব্দুৰ ৰশ্বিদ বটদ্ৰৱাৰ আৰক্ষীৰ জালত ৷
২১ নৱেম্বৰ : নগাঁও জিলাৰ বটদ্ৰৱাৰ চমকা গাঁৱৰ ছাইদুৰ ৰহমানক চলিত বৰ্ষৰ ১০ নৱেম্বৰ তাৰিখে হানি-খুচি হত্যা কৰাৰ অভিযোগ উঠিছিল একে গাৱঁৰে দুজন ব্যক্তিৰ বিৰুদ্ধে।
ঘটনাৰ বিৱৰণি অনুসৰি, সেইদিনা পুৱা ১১ মান বজাত ছাইদুৰ ৰহমানৰ ঘৰত জোনাইদুৰ ৰহমান আৰু ফাৰুক ইছলাম নামৰ দুটা চুৰে প্ৰায় এক লক্ষাধিক টকাৰ আ-অলংকাৰ চুৰি কৰি লৈ যোৱাৰ অভিযোগ উঠিছিল।
পৰবৰ্তী সময়ত ছাইদুৰ ৰহমানে জোনাইদুৰ ৰহমান আৰু ফাৰুকক চুৰিৰ অভিযোগ দিয়াৰ সময়তে জোনাইদুৰ ৰহমান আৰু ফাৰুকৰ পিতৃ ক্ৰমে আব্দুৰ ৰশ্বিদ আৰু হিবজুৰ ৰহমানে হানি খুচি গুৰুতৰ ভাৱে আহত কৰিছিল ছাইদুৰ ৰহমানক। পিছত পৰিয়ালৰ লোকে ছাইদুৰ ৰহমানক চিকিৎসাৰ বাবে বটদ্ৰৱা ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
বটদ্ৰৱা আৰক্ষীয়ে মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছিল। ভুক্তভোগী পৰিয়ালৰ লোকে দিয়া এজাহাৰ মৰ্মে চমকা গাঁৱৰে আব্দুল ৰাশ্বিদ আৰু তেওঁৰ পত্নী মিনাৰা বেগমৰ লগতে জোনাইদুৰ ৰহমান আৰু ফাৰুকে মিলি ছাইদুৰ ৰহমানক হানি-খুচি, লাঠিৰে কোবাই হত্যা কৰিছিল।
সেই অনুসৰি যোৱা ১৯ নৱেম্বৰৰ নিশা বটদ্ৰৱা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আব্দুৰ ৰশ্বিদক কৰায়ত্ব কৰে যদিও জোনাইদুৰ ৰহমান, ফাৰুক আৰু মিনাৰা বেগম বৰ্তমানে পলাতক হৈ আছে।
আজি পুৱা আচামী আব্দুল ৰশ্বিদক বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাই নগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰে। বাকী থকা আন চাৰি অভিযুক্তৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱর্তী সময়ত লক্ষণীয় হব।
Pls Comment & share