ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা গৌৰভ কঢ়িয়াই অনা মেজৰ ডঃ মৃগাংক শইকীয়াক বিদায় সম্ভাসন জনায় এক ব্যতিক্ৰমী ৰূপত ।
D24 NEWS ASSAM : ধিং মহাবিদ্যালয়ত ২০০৪ চনৰে পৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দায়িত্ব গ্রহণ কৰা মৃগাংক শইকীয়াই ২০০৪ চনৰ অক্টোবৰ মাহত নাগপুৰত থকা অফিচাৰ প্ৰশিক্ষণ একাডেমীৰ পৰা লেফটেনেন্ট হিচাপে পদোন্নতি পায়। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ সৰ্বোত্তম পদ "মেজৰ" পদউন্নতি লাভ কৰে ২০১৯ চনত । ইয়াৰ উপৰিও ২০১৯ চনতে মেঘালয়ৰ ৰাজ্যপালৰ পৰা বেষ্ট অফিচাৰ ইন নৰ্থইষ্ট বটা লাভ কৰিছিল।
তদুপৰি ধিং মহাবিদ্যালয়ৰ বহুকেইজন এন চি চি কেডাৰক উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগতে দিল্লিৰ গণৰাজ্য দিৱসত প্ৰতিনিধিত্ব কৰোৱাৰ লগতে স্থলসৈনিক কেম্পতো অংশগ্রহণ কৰাইছিল।
এনেদৰে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা গৌৰভ কঢ়িয়াই অনা মেজৰ ডঃ মৃগাংক শইকীয়াক ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে আজি ব্যতিক্ৰমী ৰূপত বিদায় সম্ভাসন জনায় ।
Pls Comment & share