গ্ৰেপ্তাৰ মহিলা সহ প্ৰবঞ্চক : ধন নিবলৈ আহি ৰঙা ঘৰৰ আলহী প্ৰবঞ্চক। ভুৱা মাইক্ৰ’ফাইনেন্স কোম্পানীৰে লাখ লাখ টকা সংগ্ৰহ দুই প্ৰবঞ্চকৰ । ( Micro finnance co)
বৰপেটাৰ ৰিচ'ইচ নামৰ ভুৱা মাইক্ৰফাইনেন্স খুলি বিভিন্ন জিলাৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীক গতাই দিলে কৰ্মচাৰীয়ে। মঙ্গলদৈৰ দুই নং ওৱাৰ্ডত ৰিচ’ইচ নামৰ উক্ত ভুৱা মাইক্ৰফাইনেন্সৰ কাৰ্যালয় খুলি বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল ধৃৎ বৰপেটাৰ দুই প্ৰবঞ্চকে।
একাংশ যুৱক যুৱতীক ভুৱা মাইক্ৰ’ফাইনেন্স ( Micro finnance co) কোম্পানীটোত নিযুক্তি দি দুই প্ৰবঞ্চকে সেই সকল যুৱক যুৱতীৰ জৰিয়তে ৰাইজক ঋন দিয়াৰ প্ৰলোভন দিয়াই আত্মসাৎ কৰিলে লাখ লাখ টকা ৷
ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেন্সৰ ঋন ৰেহাই দিয়াৰ প্ৰয়াস কৰাৰ সময়তে এনে অ-স্বীকৃতি প্ৰাপ্ত সংস্থা বোৰক কেতিয়া নাকি লগাব পাৰিব তাক লৈ চিন্তিত দৰং জিলা বাসী।
Pls Comment & share