ধিং চক্ৰ বিষয়াৰ অন্তৰ্গত ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাক কৰা দুৰ্ব্যৱহাৰক লৈ তোলপাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷ অপমানিত, লজ্জিত বিষয়াৰ স্বেচ্ছামূলক অৱসৰৰ আবেদন নগাঁও জিলাৰ উপায়ুক্তক ৷
যি ঘটনাই এতিয়া তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁও জিলাত৷ যোৱা ৬ ডিচেম্বৰৰ দিনা ফোনৰ জৰিয়তে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথে ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বসন্ত কুমাৰ নাথক অত্যন্ত অশালীন ভাষাৰে দুৰ্ব্যৱহাৰ কৰে বুলি গুৰুতৰ অভিযোগ আনিছে বিষয়া গৰাকীয়ে৷ বিষয়া গৰাকীয়ে কৰা অভিযোগৰ পৰা জানিব পৰামতে সেইদিনা চক্ৰ বিষয়া গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া বসন্ত কুমাৰ নাথক ফোনেৰে নিৰ্বাচনী বিষয়ৰ ভোটাৰ তালিকা সংশোধনীৰ বিষয়ে জানিব বিচাৰে আৰু সেইদিনাৰ ভিতৰতে উক্ত তালিকা সমূহ জমা দিবলৈ আদেশ দিয়ে ৷
অন্যথা তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ধমকি দিয়ে ৷ উল্লেখ্য যে, বসন্ত কুমাৰ নাথে ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিচনৰ সমূহ কামকাজ চোৱাচিতা কৰি থকাৰ লগতে তেওঁক অতিৰিক্তভাৱে নিৰ্বাচনী কমটো জৰিত কৰাইছে জিলা প্ৰশাসনে ৷
চক্ৰ বিষয়া গৰাকীৰ পৰা এনে বাৰ্তা পাই লগে লগে ধিং চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ ইয়াৰ বিষয়ে জানিব বিচৰাত কাৰ্যালয়ৰ সহায়ক গৰাকীৰ লগতে নিৰ্বাচনী কামকাজ চোৱাচিতা কৰা সহায়ক গৰাকীয়ে সেই সমূহ ডিচেম্বৰৰ ১০ তাৰিখৰ ভিতৰত জমা দিলেও হ’ব বুলি জানিবলৈ দিয়ে৷ ইয়াতে আশ্বাৰ্যান্বিত হৈ বসন্ত কুমাৰ নাথে তেওঁৰ ওপৰত চক্ৰ বিষয়া গৰাকীয়ে কিয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ফোনেৰে জানিব বিচৰাত চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথে তেনেই নিম্ন মানৰ অশালীন ভাষাৰে কুকুৰ - মেকুৰীক কৰা অভব্য আচৰণৰ দৰে ব্যৱহাৰ কৰে ৷
মবাইল ফোনৰ জৰিয়তে কৰা এই সম্পূৰ্ণ কথোপকথন ৰেকৰ্ডিং কৰি ৰাখে অভিযন্তা বসন্ত কুমাৰ নাথে৷ যোৱা কালি অভিযন্তা বসন্ত কুমাৰ নাথে ধিং চক্ৰ বিষয়া গৰাকীয়ে তেওঁক কৰা এনে দুৰ্ব্যৱহাৰৰ বিষয়ে নগাঁও জিলাৰ উপায়ুক্তক লিখিত ভাৱে অভিযোগ কৰাৰ লগতে স্বেচ্ছামূলক অৱসৰৰ বাবেও অনুমতি বিচাৰে৷ এই বিষয়ে অভিযন্তা নাথে জনস্বাস্থ্য বিভাগৰ অভিযন্তা এচ’ছিয়েছনৰ লগতে বিভাগটোৰ মুখ্য অভিযন্তাকো অবগত কৰাৰ লগে লগে বিভাগটোৰ সমূহ বিষয়া কৰ্মচাৰী জাঙুৰ খাই উঠিছে আৰু এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসক অবগত কৰিছে ৷
লগতে অভিযন্তা এচ’ছিয়েছনে জল জীৱন মিচনৰ কাম চলিথকালৈকে বিভাগটোৰ কোনো বিষয়াকে নিৰ্বাচনী কামকাজত জৰিত নকৰিবলৈ আহ্বান জনাইছে৷ ইতিমধ্যে ধিং অঞ্চলৰ এগৰাকী গাওঁপ্ৰধান নিযুক্তিৰ কেলেংকাৰীত নাম সাঙোৰ খাই পৰা এই চক্ৰ বাষয়া জনৰ এনে ধৰণৰ কামকাজে ধিং অঞ্চলৰ ৰাইজক হতবাক কৰি তুলিছে৷
Pls Comment & share