জঘন্য ঘটনা ৫০ৰ উৰ্দ্ধৰ লম্পট ৰজনী দৈমাৰীয়ে ধৰ্ষণ কৰিলে তিনি জনীকৈ নাবালিকাক ।
ঘটনাটো সংঘটিত হয় লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত জেঙৰবড়ী গাৱঁত।গাওঁখনৰ ৰজনীকান্ত দৈমাৰী নামৰ এগৰাকী ৫৫ বছৰীয়া লম্পটে একে গাৱঁৰে ৬,৭,আৰু ৯ বছৰীয়া তিনজনীকৈ দেৱ শিশুক ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ লাহৰীঘাট অঞ্চলতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
জানিব পৰা মতে, এই লম্পটোৱে বিভিন্ন ধৰণৰ প্ৰলোভন দি চাৰিদিনৰ ভিতৰত এজনী এজনীকৈ তিনিজনী নাবালীকাক নিজৰ গৃহত ফুচুলাই নি ধৰ্ষন কৰে।
পাছত নাবালিকা কেইজনী অসুস্থ হৈ পৰাৰ লগতে পেচাব পাইখানা কৰিব নোৱাৰাত পৰিয়ালৰ লোকে সোধপোচ কৰাত ওলাই পৰে ওৰহি গছৰ ওৰ। পৰিয়ালৰলোকে লম্পট ৰজনীকান্ত দৈমাৰীয়ে সংঘটিত কৰা এনে অমানৱীয় জঘন্য কাণ্ডৰ ঘটনাটো পোহৰলৈ অহাৰ পিছত পৰিয়ালবৰ্গই লাহৰীঘাট আৰক্ষী থানাত লম্পটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
লাহৰীঘাট আৰক্ষীয়ে ৰজনী দৈমাৰীৰ বিৰুদ্ধে 888/21 নম্বৰৰ গোচৰ ৰুজু কৰি পলাতক অৱস্থাৰ পৰা লম্পটটোক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Pls Comment & share