ইছৰোত বিজ্ঞানী পদত নিযুক্তি লাভ কৰা নাজনিন ইয়াচমিনক জুৰীয়াত বিপুল সম্বৰ্ধনা : নাজনিনৰ হিৰত ৰূপৰ মুকুট পিন্ধাই সম্বৰ্ধনা জনালে বিধায়ক নুৰুল হুদাই ।
D24NEWSASSAM: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROত বিজ্ঞানী পদত নিযুক্তি লাভ কৰা নগাঁৱৰ নাজনিন ইয়াচমিনক আজি জুৰীয়াত বিপুল সম্বৰ্ধনা জনোৱা হয়। স্থানীয় বিধায়ক নুৰুল হুদাৰ তত্বাৱধানত নাজনিন ইয়াচমিনে অধ্যায়ন কৰা শিক্ষানুষ্ঠান কদমনি টাউন হাইস্কুলত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিজ্ঞানী নাজনিনক জুৰীয়াত কেইবাখনো মহাবিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ তৰফৰ পৰা বিজ্ঞানী গৰাকীৰ লগতে তেওঁৰ সুযোগ্য পিতৃ-মাতৃ ক্ৰমে আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি নাজনিনে কয়, " প্ৰৱল ইচ্ছা শক্তি থাকিলে যিকোনো কামত সফলতা লাভ কৰিব পাৰি। ভাষনত তেওঁ এগৰাকী অতি ভিতৰুৱা আৰু পিছপৰা অঞ্চলৰ বাসিন্দা হিচাপে কিছু অতীতৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে। ইপিনে, অনুষ্ঠানটোৰ মুল উদ্যোক্তা তথা বিধায়ক নুৰুল হুদাই ৰূপৰ মুকুট, ফুলাম গামোচা, চেলেং চাদৰ, শৰাই আদিৰে সম্বৰ্ধনা জনায়।
Pls Comment & share