D24NEWSASSAM : ৰাজ্য চৰকাৰে দূৰ্ঘটনা প্ৰতিৰোধৰ অৰ্থে দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়েই হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ লগতে পৰিবহন বিভাগকো কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতেই ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত সকলো তৎপৰ হৈ পৰাৰ লগতে বিনা হেলমেটে বাইক ছলোৱা চালকৰ বিৰুদ্ধে জৰিমনাও বিহা পৰিলক্ষিত হৈছে ।
ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপে দূৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিব বুলিও ৰাইজে মত পোষণ কৰিছে । শেহতীয়া ভাবে উদণ্ড বাইক চালকে বিনা হেলমেটে বাইক চলাই ৰাইজক অতিস্থ কৰা কাৰ্যও বহু পৰিমাণে কমি যোৱাতো এক শুভ লক্ষণ বুলি পৰিবহন বিভাগৰ পৰা জানিব পৰা গৈছে ।
কিন্তু ইয়াৰ লগে লগে একাংশ লুটাৰু ব্যবসায়ীৰ অতপালিত অতিস্থ হৈ পৰিছে একাংশ নিৰীহ গ্ৰাহক ।আমাৰ হাতত পৰা এক তথ্য অনুসৰি হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ পিছত বহুতো হেলমেট অবিহনেই বাইক চলোৱা চালকে হেলমেট কিনিবলৈ অটোমোবাইলৰ দোকানত ভিৰ কৰা দেখা গৈছে ।
আনহাতে অভিভাৱক সকলেও তেওঁলোকৰ সন্তানক হেলমেট কিনিদি চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি সদ্দিচ্ছা প্ৰকাশ কৰাৰ লগতে অকাল মৃত্যুৰ পৰা সন্তানক ৰক্ষা কৰিবলৈ কৃপণালী কৰা নাই । কিন্তু প্ৰশাসনৰ অজ্ঞাতেই লুটাৰু ব্যবসায়ি সকলে মাধমাৰ শোধাইছে গ্ৰাহকক ।
এই কেইদিনত নগাঁৱৰ বিভিন্ন দোকানত এক ডেৰলাখ টকাৰ হেলমেট বিক্ৰী হৈ আহিছে যিয়ে পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰিছে । এক বিশ্বস্ত সূত্ৰে প্ৰকাশ কৰা অনুসৰি কলকতাৰ ফুটপাথত বিক্ৰীহৈ থকা ডেৰশ - দুশ টকীয়া হেলমেট নগাঁৱৰ বজাৰত বিক্ৰী হৈছেহি হাজাৰ বাৰশ টকাত তদুপৰি নাম গোন্ধহীন কেতবোৰ কোম্পানীৰ হেলমেটকেই অতি উচ্চ মানদণ্ডৰ বুলি একাংশ গ্ৰাহকক ঠগিবলৈ আৰম্ভ কৰিছে একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে ।
আনহাতে অন্য সময়ত পাঁচশ টকীয়া হেলমেটো বৰ্তমানে বিক্ৰী হৈছে পোন্ধৰশ টকাত। ইয়াৰ লগে লগে বিক্ৰীহৈ থকা ৮০ শতাংশ হেলমেটৰ সুৰক্ষাৰ দিশটোৰ প্ৰতিও সন্দেহৰ অৱকাশ আছে বুলিও প্ৰশ্ন অৱতাৰণা হৈছে ।
হেলমেট সম্বন্ধে একাংশ লোকৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি লুটৰাজ চলোৱা তথা চৰকাৰৰ সদিচ্ছাক কুঠাৰঘাত কৰা এই ব্যবসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক ৰাইজে আহ্বান জনাইছে ।
আনহাতে ৰাজ্য চৰকাৰৰ নীতিক কেৰেপ নকৰি আৰক্ষীৰ চকুৰ আগেদি বহু বাইক চালকে হেলমেট পৰিধান নকৰাকৈয়েই নিৰ্বিবাদে বাইক চলাই ফুৰা দেখা গৈছে যদিও এইবোৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
Pls Comment & share