১৬ জানুৱাৰীত বটদ্ৰৱা শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান আৰু কোবাইকটা সত্ৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
থানৰ উন্নয়ণৰ স্বাৰ্থত পৰিচালনা সমিতিয়ে তাক গ্ৰহন কৰিলে আৰু জুলাই মাহত পত্নী ৰিনিকি ভূঞা শৰ্মাক লগত লৈ উপস্থিত হৈছিল বটদ্ৰৱাত আৰু শুভাৰম্ভণি কৰিছিল ঐতিহাসিক বটদ্ৰৱা থানৰ কীৰ্তনঘৰ মণিকূটৰ চিলিং নিৰ্মাণ, মজিয়াত টাইলছ লগোৱা , বৈদ্যুতিকৰণ , ৰং কৰা গুৰু আসনত হেঙুল হাইতালেৰে সজোৱা …ইত্যাদি কামৰ ।
ক'ভিডৰ প্ৰভাৱৰ মাজতো চৰকাৰী নীতি নিয়ম ৰক্ষা কৰি কীৰ্তনৰৰ দ্বাৰ উদ্ঘাটন কৰা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আধ্যাত্মিকতাৰ মাজেৰে জাতীয় সেৱা কৰিব বিচৰা এই কাৰ্যৰ বাবে তেখেতক আশীৰ্বাদ প্ৰদান কৰক। প্ৰকাশ্য যে ড° হিমন্ত বিশ্ব শৰ্মাৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদ স্বৰূপ মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰটোৰ আন্তঃগাঠনি নিৰ্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে তিনিও স্থানৰ মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্ৰযুক্তিগত চিলিং নিৰ্মাণ, নতুনকৈ হেঙুল হাইতালৰ ব্যৱহাৰেৰে ন ৰূপত সজোৱা হ'ল বটদ্ৰৱা থান। উন্নত মানৰ বৈদ্যুতিকৰণৰ কামখিনি সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰীৰ বটদ্ৰৱা ভ্ৰমণৰ প্ৰস্তুতি দিনে নিশাই চলি আছে ।
Pls Comment & share