নিজ পত্নীৰ প্ৰবঞ্চনাৰ বলি হ'ল স্বামী । কৃষক স্বামীৰ কষ্টোপাৰ্জিত ধন লৈ উধাও পত্নী ।
D24 News Assam : সাচঁতীয়া ধন আৰু কপালৰ ঘাম মাটিত পেলাই এজন কৃষকে উৎপাদিত ফচল বিক্ৰী কৰি জমা কৰিছিল ধন । সেই কৃষক জনৰ নাম আবুল নছৰ। ঘৰ ধিঙৰ ৰাণীটাপু চাপৰিত ।
উদ্দেশ্য সাজিব এটি সোপানৰ ঘৰ, কিনিব এহাল ম'হ । তেনে সময়তে নিজ পত্নী ফৰিনা বেগমে স্বামীৰ সাঁচতীয়া ধন আৰু সোণ ৰূপৰ অলংকাৰ লৈ উধাও হ'ল । নিজৰ: ধন লৈ উধাও হোৱাৰ পিছত সৰগ ভাগি পৰিছে কৃষক জনৰ ওপৰত । ঘৰ সজাৰ আশা ভংগ হোৱাৰ পিছত উন্মাদ সদৃশ হৈ পৰিছে স্বামী আবুল নছৰ ।
ডিচেম্বৰৰ ২৯ তাৰিখে দুই প্ৰবঞ্চকৰ সৈতে মিলি এই গৰাকী মহিলাই স্বামীৰ সাঁচতীয়া ধন আৰু আ-অলংকাৰ লৈ উধাও হোৱাৰ পিছতেই ওলায় পৰিল ফৰিনা বেগমৰ আচল স্বৰূপ । পূৰ্বেও এই গৰাকী বহুৰূপী মহিলাই অন্য ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ ঠগ প্ৰবঞ্চনা কৰি ধন লুটি আনিছিল।
ফৰিনা বেগমৰ এই কথা জানিবপাৰি স্বামী আবুল নছৰে লাওখোৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় ভিক্ষা মাগিছে । আৰক্ষীয়ে এই বহুৰূপী তথা প্ৰবঞ্চক মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে দূৰ্ভগীয়া স্বামীয়ে ।
Pls Comment & share