D24NWSASSAM : ইংৰাজী নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পুৱাৰে পৰা গুৰুজনাৰ জন্মস্থানত তীৰ্থযাত্ৰী দৰ্শনাৰ্থীৰ লানি নিচিগা সোঁত ।
D24NEWSASSAM : সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজাই পৰাই তোলা অসমীয়া জাতিৰ জনক জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম আদি লীলা ভূমি শ্ৰী শ্ৰী বটদ্রৱা থান সমগ্ৰ অসম, ভাৰত ভূমি তথা বিশ্বৰ সনাতনী সাংস্কৃতিক পৰম্পৰাত বিশ্বাসী প্ৰতিগৰাকী ধৰ্মপ্ৰাণ মানুহৰ আস্থা, বিশ্বাস আৰু ভক্তিৰ সেৱাৰ স্থলী। বটদ্ৰৱা থানৰ চৈধ্য প্ৰসঙ্গ , গীত মাতৰ লগতে ঈশ্বৰ উপাসনাৰ শৃঙ্খলাবদ্ধ পৰিৱেশন শৈলীকে আদি কৰি গুৰুজনাই এই পবিত্ৰ ভূমি ভাগত এৰি থৈ যোৱা ঐতিহাসিক স্মৃতি চিহ্ন বিশেষকৈ কীৰ্তনঘৰ, পদশিলা, পাটশিলা,দৌলমন্দিৰ, আকাশী গঙ্গা, শিলিখা বৃক্ষ, চাৰিহাটী আৰু সতীৰাধিকা স্মৃতিক্ষেত্ৰ- শান্তিজান দৰ্শন কৰিবলৈ বিভিন্ন প্ৰান্তৰৰ পৰা দৈনিক হাজাৰৰ অধিক ভক্ত বৈষ্ণৱ , তীৰ্থযাত্ৰী, দৰ্শনাৰ্থীৰ সমাগম ঘটে।
অসমীয়া জাতিৰ মণিকূট স্বৰূপ এই পবিত্ৰ ভূমি- বটদ্রৱা থানত আজি ইংৰাজী নৱবৰ্ষৰ পহিলা জানুৱাৰী দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীৰ লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হৈছে। জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱাত সেৱা গ্ৰহণ কৰি অভিভূত তীৰ্থযাত্ৰী দৰ্শনাৰ্থী সকল। বটদ্ৰৱা থানৰ ঐতিহাসিক আকাশী গঙ্গাত বনভোজ দলৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপৰ্ট
Pls Comment & share