মহিলা ATM কাৰ্ড চোৰক কেমেৰাৰ সন্মুখতে ৰাজহুৱা মাৰপিট .
বেছামাৰী, ১৯ নৱেম্বৰ : ধিঙৰ বেছামাৰীত ATM কাৰ্ড চুৰি কৰাক কেন্দ্ৰ কৰি যোৱা কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী মহিলাই এগৰাকী বৃদ্ধ ব্যক্তিৰ পৰা ATM কাৰ্ড চুৰি কৰাৰ অভিযোগ তুলি মহিলা গৰাকীক মাৰপিট কৰে একাংশ ৰাইজে ।
ব্যক্তি গৰাকী ATM ত প্ৰবেশ কৰি কেবাবাৰো চেষ্টা কৰিও ATM ৰ পৰা ধন উলিয়াব পৰা নাছিল। এই কাৰ্য ওচৰতে থকা এগৰাকী মহিলাই লক্ষ্য কৰি আছিল ৷ পিছত এই আছমা খাতুন নামৰ মহিলা এগৰাকীয়ে গ্ৰাহক জনক ATMৰ পৰা ধন উলিওৱাত সহায় কৰি দিম বুলি কাৰ্ড খন ফুচলাই লৈ চকুৰ পচাৰতে মহিলা গৰাকীৰ হাতত থকা আন কাৰ্ডৰ লগত সেই কাৰ্ডখন সলায় পেলাই ৷
মহিলা গৰাকীৰ এই কাৰ্য আকৌ কাষতে থকা আন এগৰাকী গ্ৰাহকে লক্ষ্য কৰি আছিল ৷ সেই গ্ৰাহক জনে মহিলা গৰাকীক এই সংক্ৰান্তত জেৰা কৰাত মহিলা গৰাকী পলাবলৈ বিচাৰে যদিও তাত উপস্থিত থকা আন গ্ৰাহক সকলে আছমা খাতুন নামৰ মহিলা গৰাকীক আটক কৰাৰ লগতে তাইৰ হাতৰ পৰা অন্য ব্যক্তিৰ নামৰ মুঠ ১৩ খনকৈ বেলেগ বেলেগ ATM কাৰ্ড উদ্ধাৰ কৰে। লগে লগে স্থানীয় ৰাইজে আহোম গাওঁ আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আহোম গাওঁ আৰক্ষী উপস্থিত হৈ এই প্ৰবঞ্চক মহিলা গৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
Pls Comment & share