ধিঙৰ আঠগাঁও সাৰ্বজনীন বৰ নামঘৰৰ ল'ৰা ৰাসে মুহিত কৰিলে সমগ্ৰ ধিং বাসীক।
ধিং, ১৯ নৱেম্বৰ : ৰাজ্যৰ আন আন ঠাইৰ লগতে যোৱা কালি ধিঙতো ব্যপক উলহ-মালহৰে উদ্যাপন কৰা হয় ভগাৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । ৭৫ বছৰ গৰকা ধিঙৰ উজনি আঠগাঁও সাৰ্বজনীন বৰ নামঘৰত পৰম্পৰাগত ভাৱে যোৱা নিশা উদযাপন কৰা হয় ল'ৰা ৰাস। সুদীর্ঘ ২৫ বছৰ বিৰতিৰ পিছত যোৱা নিশা ধিঙৰ উজনি আঠগাঁও সাৰ্বজনীন বৰ নামঘৰত উদ্যাপন কৰা হয় আমাৰ সমাজৰ পৰা ক্ৰমান্বয়ে লুপ্ত পাবলৈ আৰম্ভ কৰা ল'ৰা ৰাস। গোপীৰ ৰূপত অভিনয় কৰা ল'ৰাৰ ৰাসৰ নৃত্যই নিশা মোহিত কৰি ৰাখে ৰাস মণ্ডপট উপস্থিত সমগ্ৰ দৰ্শকক।ফালে আজি ধিং অঞ্চলৰ হৃৎপিণ্ড স্বৰূপ ধিং জগন্নাথ দেৱ মন্দিৰত উদ্যাপন কৰা ৬৭ তম্ ৰাসোৎসৱত ৬৭ গচি বন্তি প্ৰজ্বলনেৰে ৰাস উৎসৱ ভাগি শুভাৰাম্ভ কৰা হয়৷ এই মহাৰাসৰ শুভাৰম্ভ কৰে নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ৰূপাঞ্জলী দেৱীয়ে৷
Pls Comment & share