BIG BREAKING NEWS : এতিয়াৰ পৰা মাত্ৰ ৯৯৯ টকাত যাত্ৰা কৰিব পাৰিব বিমানেৰে ।
মাত্ৰ ৯৯৯ টকাতে গুৱাহাটী-লখিমপুৰৰ মাজত যাত্ৰা কৰিব পাৰিব আকাশী পথেৰে।
দিপাৱলীৰ দিনাই লখিমপুৰৰ ৰাইজৰ বাবে আহিল এই ভাল খবৰটো । দীৰ্ঘ বিৰতিৰ অন্তত গুৱাহাটীৰ পৰা উ:লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰলৈ চলিল ফ্লাইবিগৰ যাত্ৰীবাহী বিমান ।
প্ৰথম দিনৰ যাত্ৰাতে গুৱাহাটীৰ পৰা লখিমপুৰ পালেহি শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, অৰুণাচলৰ কৃষিমন্ত্ৰী টাকি তাগে, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। সকলোৱে একে মুখে স্বীকাৰ কৰিলে এই বিমান হ’ব লখিমপুৰ ধেমাজি বাসীৰ বাবে বিশেষ সহায়ক’। মাত্ৰ
৯৯৯ টকাতে এই যাত্ৰা সম্ভৱ হ’ব যাত্ৰীৰ বাবে। সপ্তাহৰ ৩ টা দিনেই চলিব লগীয়া এই বিমানৰ সময় সূচী বঢ়োৱাৰো পোষকতা মন্ত্ৰী, সাংসদ বিধায়কৰ। উল্লেখ্য যে গুৱাহাটীত এই বিমানৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই খবৰৰ পিছতেই লক্ষীমপুৰবাসী ৰাইজৰ মুখত হাঁহি বিৰিঙিছে ।
Pls Comment & share