জৰুৰীকালীন পৰিস্থিতি : শিক্ষানুষ্ঠান বন্ধ এসপ্তাহলৈ , ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ চৰকাৰী কৰ্মচাৰীক ।
দীপাৱলীৰ পিছৰে পৰাই ৰাজধানী দিল্লীত প্ৰদূষণৰ মাত্ৰা অতি ভয়ানক হৈ পৰিছে । পৰিস্থিতি এনে এটা পৰ্যায় পাইছে যে ৰাজধানী দিল্লীত কেজৰিৱাল চৰকাৰে আংশিক লকডাউনৰ ঘোষণা কৰিবলৈ বাধ্য হৈছে । দিল্লীৰ বায়ু প্ৰদূষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেজৰিৱাল চৰকাৰে এসপ্তাহৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে।
তাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ জাৰি কৰিছে। প্ৰদূষণৰ বাবে কেজৰিৱাল চৰকাৰে আজি ততাতৈয়াকৈ এখন জৰুৰীকালীন বৈঠকত মিলিত হৈছিল। উক্ত বৈঠকতেই ৰাজধানী দিল্লীত আংশিক লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে ৰাজধানী দিল্লীত সম্পূৰ্ণ লকডাউনৰ চিন্তা-চৰ্চা চলাই থকা হৈছে। ব্যক্তিগত খণ্ডৰ গাড়ীৰ চলাচল বন্ধ কৰাৰ চিন্তা-চৰ্চা চলাই থকা হৈছে। লগতে সকলো নিৰ্মাণ খণ্ডৰ কাম-কাজ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়লয়ে কয় যে পৰিস্থিতি অতিকে ভয়ানক হৈ পৰিছে। উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰৰ বায়ু প্ৰদূষণৰ জৰুৰীকালীন স্থিতি বুলি আখ্যা দিছে। দিল্লী চৰকাৰক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰীকালীন স্থিতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ এন ভি ৰামান্নাৰ অধ্যক্ষ বিচাৰপীঠে দিল্লীৰ বায়ু প্ৰদূষণৰ স্থিতি ইমানেই ভয়ানক বুলি আখ্যা দিয়ে যে ঘৰৰ ভিতৰতো মাস্ক পৰিধান কৰি থাকিবলগীয়া হৈছে। এই বিচাৰপীঠত আছে ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়ধীশ সূৰ্যকান্ত। এই বিচাৰপীঠে কয় যে সকলোৱে প্ৰদূষণৰ বাবে কৃষককে জগৰীয়া কৰাৰ এক প্ৰক্ৰিয়া চলি আহিছে। সকলোৱে কৃষকক দায়ী কৰি সাৰিব বিচাৰে।
ইয়াৰ বিচাৰপীঠে কয় যে যোৱা ৭ দিনত অতিমাত্ৰাত ফটকা ফুটুৱা হৈছিল। ইয়াৰ বাবে ৰাজধানী দিল্লীৰ পৰিস্থিতি এনে এক পৰ্যায় পাইছেগৈ বুলি উল্লেখ কৰি বিচাৰপীঠে দিল্লী চৰকাৰক প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি সোমবাৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
Pls Comment & share