কৰোনা ভাইৰাছত কৈয়ো মাৰাত্মক এজন অসম বিখ্যাত নিলজ্জ, প্ৰধান শিক্ষক।
নজিৰবিহীন : আৰক্ষী বাহিনীৰ দল লগত লৈ বিদ্যালয়ত আহে পাঠদান কৰিবলৈ।
বিদ্যালয় প্ৰাঙ্গনতেই শিক্ষকৰ বিৰুদ্ধে সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ । আজীৱনৰ বাবে বিদ্যালয়ত প্ৰৱেশ বন্ধ কৰিলে উত্তেজিত ৰাইজে : বিদ্যালয়ত প্ৰৱেশ কৰিলেই কোবাই হাত-ভৰি ভঙাৰ ভাবুকি ৰাইজৰ।
ছাইদুল ইছলাম, ধিং, ১৫ নৱেম্বৰ : এজন প্ৰধান শিক্ষক। নাম আব্দুল মতিন। প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডৰ বাবেই ৰাইজে বনালে মতিনৰ পৰা "বিষাক্ত মৰ্টিন"। ইয়াতেই শেষ নহল, অৱশেষত ৰাইজে বিশাক্ত মৰ্টিনৰ পৰা বনলে "কৰোনা" ভাইৰাছত কৈয়ো মাৰাত্মক ভাইৰাছ বুলি। নিলজ্জ, ধুৰন্ধৰ, তেজপিয়া, পিপাষু, বিষাক্ত মৰ্টিন, কৰোনা ভাইৰাছ আদি যিয়েই নকওক কিয়, তবুও যেন শেষ নহয় এইজন দুৰ্নীতি পৰায়ন নিলজ্জ মতিন মাষ্টৰৰ ক্ষেত্ৰত। পিছে এই অভিযোগ আমাৰ নহয়, এই অভিযোগ ৰাইজৰ। অভিযোগ অনুসৰি নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাৰ্থমিক শিক্ষাখণ্ডৰ অন্তৰ্গত শলগুৰি ৰা-সূতি পাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতিন।
আৰু এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক নিলজ্জ, ধুৰন্ধৰ, তেজপিয়া, কৰোনা ভাইৰাছতকৈয়ো মাৰাত্মক প্ৰধান শিক্ষক আব্দুল মতিনৰ বিৰুদ্ধে ইমানেই অভিযোগ আছে যে সেয়া যিমানেই কোৱা যাওক শেষ নহয়। কাৰণ, আজি পাঁচটা বছৰে এই বিদ্যালয়খনত প্ৰধান শিক্ষকৰ দায়িত্বত থকা আব্দুল মতিনে বিদ্যালয় খনত ছাত্র-ছাত্ৰীৰ মধ্যহ্ন ভোজন, ছাত্ৰ-ছাত্ৰীৰ চাউল-ডালি, বিদ্যালয়ৰ আন্তঃগাথনিৰ ধন, ইউনিফৰ্ম পৰা আৰম্ভ কৰি বিদ্যালয়ৰ নামত থকা ভূমিও বেদখল কৰি দুৰ্নীতি আৰু কেলেংকাৰীৰে প্ৰায় ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে এইজন দুৰ্নীতি পৰায়ন মতিন মাষ্টৰে। বিগত পাঁচটা বছৰে পৰ্বত সম দুৰ্নীতি-কেলেংকাৰীৰে বাৰে বাৰে দখল কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনামা। বিদ্যালয় পৰিচালনা সমিতি, ৰাইজক কেৰেপ নকৰি নিজ ইচ্ছা মতে বিদ্যালয়ৰ প্ৰতিটো দিশৰ পৰাই দীৰ্ঘ দিনে চলাই আহিছে লাখ লাখ টকাৰ লুণ্ঠন। মতিনৰ বিৰুদ্ধে ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰি আহিছিল যদিও একাংশ বিষয়াৰে গোপন বুজাবুজিৰে মেনেজ হোৱাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। অকল এয়াই নহয়, বিদ্যালয়ৰ নামত থকা দুই বিঘা ভূমি এটা দুষ্ট চক্ৰৰ জড়িয়তে বেদখল কৰোৱাৰো গুৰুতৰ অভিযোগ ৰাইজৰ।
অৱশেষত যোৱা ৮ আগষ্ট তাৰিখে ছাত্র-ছাত্ৰীৰ চাউল আত্মসাৎ কৰাৰ বাবে মতিন মাষ্টৰক ৰাইজে চোচৰাই নি বিদ্যালয়ত আবদ্ধ কৰি ৰখাৰো আছে উদাহৰণ।
তাৰ পিছতেই এইজন মতিন মাষ্টৰে ৰাইজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি বিদ্যালয়ত পাঠদান কৰাবলৈ যায় আৰক্ষী বাহিনীৰ দল লগত লৈ। যি ঘটনা অসমৰ ইতিহাসত নজিৰবিহীন ঘটনা বুলি ব্যাক্ত কৰিছে ৰাইজে। অৱশেষত আজি স্থানীয় সহস্ৰাধিক ৰাইজে বিদ্যালয় প্ৰাঙ্গনতেই মতিন মাষ্টৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আজীৱনৰ বাবে মতিন মাষ্টৰক বিদ্যালয়ত প্ৰৱেশ বন্ধ কৰি সকিয়নি দি কয়, অনাগত দিনত মতিন মাষ্টৰ বিদ্যালয়ত প্ৰৱেশ কৰিলে ৰাইজে মতিন মাষ্টৰক কোবাই হাত-ভৰি ভাঙাৰ লগতে আৰু কি কি কৰে সেয়া ঠিক নাই বুলি সকিয়নি দিয়ে। এই ক্ষেত্ৰত বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে যদিও এইজন দুৰ্নীতি পৰায়ন প্ৰধান শিক্ষকক চৰকাৰে নাকী নলাবলৈ সক্ষম হব নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।
Pls Comment & share