যোগান মন্ত্ৰী ৰঞ্জিৎ দাসৰ আজৱ মন্তব্য : শাক পাচলিৰ মূল্যবৃদ্ধি যোগান বিভাগৰ পৰিসীমাত নপৰে ।
আজৱ মন্তব্য : শাক পাচলিৰ মূল্য বৃদ্ধি যোগান বিভাগৰ পৰিসীমাত নপৰে বুলি এক আজৱ মন্তব্য কৰে মন্ত্ৰী ৰঞ্জীত দাসে। পটলৰ দাম বাঢ়িলেও সংবাদ মাধ্যমে হেনো দোষাৰোপ কৰে মাথো মন্ত্ৰী গৰাকীক । এই মন্তব্য যোগান মন্ত্ৰী ৰঞ্জিৎ দাসৰ ৷
গোৱালপাৰাৰ শ্ৰী শ্ৰী সূৰ্যপাহাৰ মহাপীঠ স্থানত মন্ত্ৰী ৰঞ্জিৎ দাস উপস্থিত হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটি ক্ষুদ্ৰ পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰি সাংবাদিকৰ আগত তেওঁ কয় যে, অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শ্ৰী শ্ৰী সূৰ্য্যপাহাৰ পৰিভ্ৰমণ কৰি ইয়াৰ যাৱতীয় সমস্যাৰ বুজ লৈ সমাধানৰ চেষ্টা চলাব । বজাৰত মূল্য বৃদ্ধিৰ প্ৰসংগত তেওঁ সংবাদ মাধ্যমৰ ওপৰত ক্ষোভ উজাৰি কয় যে, শাক পাচলিৰ মূল্য বৃদ্ধি যোগান বিভাগৰ পৰিসীমাত নপৰে যদিও সংবাদ মাধ্যমে তেওঁকে দোষাৰোপ কৰে। মন্ত্ৰী গৰাকীৰ এনে আজৱ মন্তব্যক এতিয়া সমালোচনা কৰিছে বিভিন্ন মহলে ।
Pls Comment & share