COMONWEALTH CHAMPIONSHIPৰ পৰা নাম প্ৰত্যাহাৰ মিৰাবাঈ চানুৰ।
অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৱে অহা ৭ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰৰ ভিতৰত উজবেকিস্তানৰ তাচখন্দত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ ছিনিয়ৰ চেম্পিয়নশ্বিপৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে মীৰাবাঈ চানুৱে । এই বছৰৰ আৰম্ভণিতে টকিঅ’ অলিম্পিকত মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিছিল আৰু এগৰাকী প্ৰাক্তন বিশ্ব চেম্পিয়নও আছিল। তেওঁ ভাৰতৰ মুখ্য প্ৰশিক্ষক বিজয় শৰ্মাৰ পৰামৰ্শ অনুসৰি দুয়োটা প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে। শৰ্মাই সংবাদ মাধ্যমক জনোৱা মতে ‘আমাৰ মূল লক্ষ্য (বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ ছিনিয়ৰ চেম্পিয়নশ্বিপৰ বাবে) হৈছে ভাৰোত্তোলকসকলে অহা বছৰৰ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰাটো। আমি প্ৰতিযোগিতাখনৰ বাবে মীৰাৰ নাম পঠিয়াইছিলো কিন্তু তাইৰ প্ৰদৰ্শনে এতিয়াও সিমান ভাল হোৱা নাই । আমি তেওঁৰ স্নেচৰ কৌশলৰ ওপৰত অলপ বেছি কাম কৰি আছো। কমনৱেলথ গেমছৰ বাবে তেওঁৰ অৰ্হতা কোনো সমস্যা নহয় কিয়নো তেওঁ এগৰাকী অলিম্পিক পদক বিজয়ী।।কমনৱেলথ ছিনিয়ৰ চেম্পিয়নশ্বিপত যোৱা বছৰ ছিংগাপুৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও COVID - 19ৰ মহামাৰীৰ বাবে অনুষ্ঠিত কৰিব পৰা নগ’ল। শৰ্মাই আৰু কয়, মীৰাৰ কোনো সমস্যা নাই কিন্তু ই এক কৌশলগত সিদ্ধান্ত। তেওঁ যোৱা পাঁচ বছৰ ধৰি প্ৰতিযোগিতাত নিৰন্তৰ অংশগ্ৰহণ কৰি আহিছে। অৱশ্যে মীৰাবাঈয়ে যোৱা মাহত এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ ওজন কঢ়িয়াবলৈ অসুবিধাৰ সন্মুখীন হ’ব, কিয়নো তেওঁ বিষ অনুভৱ কৰি আছে ।
Pls Comment & share