এক আজৱ প্ৰেম কাহিনী তিনিটা সন্তানক এৰি পাঁচটা সন্তানৰ পিতৃৰ সৈতে পলায়ন এগৰাকী মহিলাৰ।
নগাঁও জিলাৰ জুৰীয়াৰ বৰুণগুৰিত সংঘটিত হৈছে এক আজৱ প্ৰেম কাহিনী। স্বামী কৰ্ম সূত্ৰে কেৰেলালৈ যোৱাৰ সুযোগত তিনিটা সন্তানক স্বামী গৃহত এৰি থৈ এগৰাকী মহিলাই পলায়ন কৰে পাঁচটা সন্তানৰ পিতৃৰ সৈতে। মহিলা জনীক পলুৱাই নিয়া ব্যক্তি জনৰ নাম বিল্লাল উদ্দিন। মহিলা জনীয়ে স্বামী গৃহৰ পৰা নগদ ৩২ হেজাৰ টকা আৰু ৰূপৰ গহনা পাতি লৈ গাঁৱৰে পৰ পূৰুষৰ সৈতে পলাই যোৱাৰ গুৰুতৰ অভিযোগ স্বামীৰ। মাতৃক বিচাৰি তিনি সন্তানৰ হাহাকাৰ এতিয়া। জুৰীয়া আৰক্ষী থানাত বিল্লাল উদ্দিন আৰু মহিলা জনীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে শহুৰেকে।
Pls Comment & share