মুকলি ধনৰ লেনদেন, থানাৰ ভিতৰতেই আৰক্ষীয়ে উৎকুচ লোৱাৰ দৃশ্য ভাইৰেল। গ্ৰেপ্তাৰ ASI হৰিকমল দাস।
ডবকা আৰক্ষী থানাৰ ভিতৰত মুলি ধনৰ লেনদেনৰ বেহা । ASI হৰিকমল দাসে ধন লোৱাৰ দৃশ্য VIRAL । ASI হৰিকমল দাসৰ হাতত ধন তুলি দিয়া কোন এই মিঠুন চক্ৰৱতী। থানাৰ বাৰাণ্ডাই বাৰাণ্ডাই কিহৰ আড্ডাত বহে আৰক্ষীৰ হাতত ধন তুলি দিয়া মিঠুন চক্ৰৱতীৰ। বিজেপিৰ নাম বিক্ৰী কৰি মিঠুন চক্ৰৱতীয়ে চলাই গৈছে নেকি দালাল গীৰী। মিঠুন দাসে কিয় আৰক্ষী থানাই থানাই ঘুৰি ফুৰে ? মিঠুন দাসক গ্ৰেপ্তাৰ কৰি তদন্ত কৰিলে সকলো স্পষ্ট হৈ পৰিব বুলি সৰ্বত্তে চলিছে চৰ্চা।
ডবকা থানাৰ ASI হৰিকমল দাসে ধন লোৱাৰ দৃশ্য পোহৰলৈ অহাৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ! দুৰ্নীতি মুক্ত অসম গঢ়া মুখ্যমন্ত্ৰীৰ সপোন ধূলিসাৎ কৰা মিঠুন দাসক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে সচেতন মহলে। হোজাই আৰক্ষীয়ে ভাইৰেল ভিডিঅটোক লৈ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।
Pls Comment & share