লজ্জা জনক ঘটনা সংগঠিত বটদ্ৰৱাত
মহিলাক হাত ভৰি বান্ধি দিলে তালিবানি শাস্তি।
বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল ।
ৰাজ্যত প্ৰশাসন যিমানেই কঠোৰ নহওঁক কিয় কিন্তু এতিয়াও নিৰাপদ নহয় মহিলা। বটদ্ৰৱাৰ কদমনিত এইবাৰ সংঘটিত হৈছে এক মানৱ সমাজক লজ্জানত কৰা ঘটনা।
বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি গাঁৱত এগৰাকী ৪০বছৰীয়া মহিলাক ঘৰত কোনো নথকাৰ সুযোগ লৈ আসাদুল মোল্লা নামৰ লোকজনে ঘৰত প্ৰৱেশ কৰি যৌন নিৰ্যাতন চলাবলৈ চেষ্টা চলাই বুলি অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে। উল্লেখ্য যে ভুক্তভোগী মহিলা গৰাকী সম্বন্ধত আসাদুল মোল্লাৰ ভতিজা বোৱাৰী।
আসাদুল মোল্লাৰ হাতৰ পৰা মহিলা গৰাকীয়ে নিজক বচোৱাৰ চেষ্টা কৰি চিঞৰ বাখৰ কৰাত সমগ্ৰ ঘটনাক অন্যৰূপ দিয়াৰ বাবে মোল্লাৰ কেইজন মান সহযোগীয়ে মহিলা গৰাকীক হাতে ভৰীয়ে বান্ধি চলাই তালিবানি অকথ্য নিৰ্যাতন আৰু মুৰ্গী চুৰিৰ ভুৱা অভিযোগ জাপি দিয়ে বুলি অভিযোগ কৰে মহিলা গৰাকীয়ে।
পৰৱৰ্তী পৰ্যায়ত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে । এই লৈ মহিলা গৰাকীয়ে বটদ্ৰৱা আৰক্ষী থানাত জাকিৰ হুছেইন,আসাদুল মোল্লা, মোজাক্কিৰ, ফাৰুক, মুক্তাৰকে আদিকৰি সাত জনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। বটদ্ৰৱা আৰক্ষীয়ে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষ্যণীয়।
Pls Comment & share