ভাৰতবৰ্ষৰ কভিডত মৃত্যুৰ প্ৰকৃত তথ্য প্ৰকাশৰ ক্ষেত্ৰত ব্যাপক আভুৱা-ভাঁৰিছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে : সংবাদমেলত সাংসদ আব্দুল খালেক।
অসম তথা ভাৰতত ক’ভিডত প্ৰাণ হেৰুওৱাৰ সংখ্যা প্ৰকাশৰ ক্ষেত্ৰত ব্যাপক আভুৱা-ভাঁৰিছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত ২০১৯-২০ বৰ্ষত ক’ভিড পৰিস্থিতিৰ সময়ত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগো কৰিছে কংগ্ৰেছৰ সাংসদগৰাকীয়ে।
সংবাদমেলত বৰপেটাৰ সাংসদগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ক’ভিডৰ সৈতে যুঁজাৰ সময়ত লাভ কৰা বিফলতাসমূহ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে তথ্য সহকাৰে ফাদিল কৰিছিল। কেন্দ্ৰই ক’ভিডত নিহতৰ সংখ্যা যথেষ্ট কম দেখুৱাইছে বুলি অভিযোগ কৰি গুজৰাটত নিহতৰ তথ্য লুকুৱাৰ সত্যতা ফাদিল কৰিছিল ।
বিশেষকৈ ক’ভিডৰ সময়ত চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ বিছনা, আই চি ইউ আৰু ভেণ্টিলেটৰৰ অভাৱৰ বাবে অধিকাংশ লোকে সমস্যাৰ সন্মুখীন হৈছিল। আহমদাবাদত আই চি ইউ আৰু ভেণ্টিলেটৰ নথকাৰ বাবে বহুতো ক’ভিড ৰোগী মৃত্যুমুখত পৰিছিল । গুজৰাট চৰকাৰে ৰাজ্যখনত ১০ হাজাৰ লোক ক’ভিডত মৃত্যুমুখত পৰিছিল বুলি কৈছিল যদিও কংগ্ৰেছে চলোৱা সমীক্ষাত প্ৰকৃত মৃত্যুৰ সংখ্যা ৩ লাখ হ’ব বুলি অনুমান কৰা হৈছে ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যত মাত্ৰ ১০ হাজাৰ লোকৰ পৰিয়ালেহে ৫০ হাজাৰ টকাকৈ লাভ কৰিছে। ইয়াৰ বিপৰীতে ক’ভিডত প্ৰাণ হেৰুওৱা ২,৫০,০০০জন লোকৰ পৰিয়ালে আজিলৈকে এটকাও লাভ কৰা নাই । অকল গুজৰাটেই নহয়, অসমতো এনে এখন ছবি পৰিলক্ষিত হৈছে । অসমৰ বিভিন্ন ঠাইত আই চি ইউ আৰু ভেণ্টিলেটৰৰ নাটনিৰ ঘটনা পোহৰলৈ আহিছিল ।
সেয়েহে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক ক’ভিডত মৃত্যুৰ প্ৰকৃত তথ্য ৰাজহুৱা কৰাৰ দাবী জনায় কংগ্ৰেছ সাংসদগৰাকীয়ে । ইপিনে ক’ভিড পৰিস্থিতিৰ সৈতে যুঁজিবলৈ তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰোগ্য নিধিত বৰঙনি দিবলৈ আহবান জনাইছিল ।
কিন্তু এতিয়ালৈকে অসম আৰোগ্য নিধিত কোনে কোনে কিমান টকা দান কৰিলে আৰু এই টকা ক’ত খৰচ কৰা হ’ল তাৰ কোনো তথ্য প্ৰকাশ কৰা নাই । অসম আৰোগ্য নিধিৰ ধনেৰে ৰাজ্যত যি ৫খন অত্যাধুনিক হাস্পতাল নিৰ্মাণৰ কথা প্ৰকাশ কৰিছিল সেয়া ক’ত ক’ত হ’ব সেই তথ্য ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নাই । ইপিনে ক’ভিডত প্ৰাণ হেৰুৱা লোকসকলৰ নিকটতম পৰিয়ালক ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।
Pls Comment & share