মঞ্চৰ বেনাৰ পোষ্টাৰ ভাঙি চিঙি লণ্ড ভণ্ড কৰি, মন্ত্ৰী অতুল বৰাৰ সন্মুখতে হুংকাৰ : অসমত নাথাকে অসম-মেঘালয় সীমান্তৰ চাৰিখন গাওঁৰ বাসিন্দা ।
উল্লেখ্য যে মেঘালয়ৰ সমৰ্থকে সভালৈ অহা অসমৰ লোকক হাতে হাতে লাঠি লৈ খেদি পঠিওৱাৰ সময়তে ঘটনা স্থলিত দুয়ো ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে অসম-মেঘালয়ৰ সীমা সমস্যা লৈ চাৰিখন গাঁৱৰ ৰাইজৰ মাজত আহ্বান কৰা এই সভাখন জয়পুৰত অনুষ্ঠিত হৈছিল। সভাত মন্ত্ৰী অতুল বৰা উপস্থিত হৈ গাওঁ অঞ্চলৰ বাসিন্দা আৰু মেঘালয়ৰ বিষয়াৰ লগত মত বিনিময় কৰে।
অসম মেঘালয় সীমান্তবৰ্তী চাৰিখন গাওঁ জয়পুৰ,আমা গাওঁ,মালাং শালবাৰী আৰু হোহুৱাপাৰাৰ অধিকাংশ লোকে মেঘালয়ত থকাৰ কথা স্বীকাৰ কৰে। শেষত অসম মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত উপায়ন্তৰ হৈ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অতিশীৰ্ঘে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলি ভাষনৰ জৰিয়তে উল্লেখ কৰে।
ইপিনে এচাম অসমৰ বাসিন্দাক একাংশ মেঘালয়ৰ সমৰ্থকে মেঘালয়ৰ সমৰ্থনত মাত মাতিবলৈ ভাবুকি প্ৰদান কৰা বুলি এক অভিযোগ উথ্বাপন কৰে বকোৰ স্থানীয় বিধায়িকা নন্দিতা দাসে। এইদৰে অসমৰ সীমান্তৱৰ্তী এলেকাত সীমা বিবাদৰ সমস্যাৰ সমাধানৰ বাবে অসম তথা মেঘালযৰ মুখ্যমন্ত্ৰী আৰু সীমান্ত উন্নয়ন মন্ত্ৰীয়ে স্হায়ী সমাধান আনিব পাৰিব নে নাই তাক লৈ অসমৰ বাসিন্দাই দিনে- নিশাই আতংকৰ মাজত দিন কটাবলগীয়া হৈছে।
Pls Comment & share