আমেৰিকাত নতুন ৰাষ্ট্ৰপতি , বাইডেন আউট, কমলা ইন
নিউজ ডেস্কঃ America যুক্তৰাষ্টৰ আন এক খবৰে বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছে ।আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সাময়িকভাৱে ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লৈছে
কমলা হেৰিছ আমেৰিকা যুক্তৰাষ্টৰ ৪৯ তম উপৰাষ্ট্ৰপতি ৷ তেওঁ আমেৰিকা যুক্তৰাষ্টৰ প্ৰথম গৰাকী মহিলা উপ - ৰাষ্ট্ৰপতি ৷ চিকিৎসাধীন কাৰণত বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সাময়িকভাৱে ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লৈছে ৷ তেওঁৰ অনুপস্থিতিত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ৰাষ্ট্ৰপতিৰ পদৰ দৰে সৰ্ব্বোচ্ছ পদত অধিষ্ঠিত হ’ব ৷ হোৱাইট হাউচৰ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি জ’ বাইডেন এনাচষ্টেচিয়াচ গ্ৰহণ কৰিব লগা হোৱা কাৰণে অলপ দিনৰ বাবে অচেতন হৈ থাকিব ৷ জ’ বাইডেনৰ অনুপস্থিতিত বৰ্তমান কমলা হেৰিছে আমেৰিকাৰ সকলো দায়িত্ব মুৰ পাতি ল’ব লাগিব ৷ অৱশ্যে আমেৰিকাৰ ইতিহাসত এনে কথা কোনো নতুন নহয় ৷ পূৰ্বতেও ২০০২ আৰু ২০০৭ চনত তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশে চিকিৎসাৰ বাবে ছুটি লৈছিল। সেই সময়তো, তেতিয়াৰ উপ-ৰাষ্ট্ৰপতিক অস্থায়ী ৰাষ্ট্ৰপতি কৰা হিচাপে নিযুক্তি দিছিল
Pls Comment & share