কাছৰ জীৱন ৰক্ষা কৰাটোৱেই যাৰ জীৱনৰ লক্ষ্য ।
কাম কৰি গৈছে।বিগত ৮ টা বছৰত ২৮ হেজাৰৰাে অধিক কাছৰ প্রাণৰক্ষা কৰিছে অৰুণিমাই।প্ৰকৃতি প্ৰেমৰ এনে বিৰল উদাহৰণ দাঙি ধৰা অৰুণিমাক বিভূষিত কৰা হ’ল এক আন্তর্জাতিক সন্মানেৰে।আন্তর্জাতিক সংগঠন ‘টার্টল ছাৰভাইভেল এলায়েন্স’ (টিএছএ)ৰ ভাৰত শাখাৰ সদস্যা অৰুণিমা এই বছৰৰ ‘নটৱেষ্ট আর্থ হিৰােজ ছেভ দ্য স্পেচিছ এৱাৰ্ড’ৰ বাবে মনােনীত হৈছে।টিএছএৰ ভাৰত শাখাৰ প্রধান শৈলেন্দ্র সিঙে এই প্ৰসংগত কয় যে ভাৰতত বন্যপ্রাণী সংৰক্ষণৰ আন্দোলনৰ প্রথম শাৰীৰ যােদ্ধা হ’ল অৰুণিমা সিং।টিএছএৰ সদস্য ৰাজা মণ্ডলে কয়, ‘উন্নয়নৰ অভিঘাতত উত্তৰপ্ৰদেশৰ বিভিন্ন অঞ্চলৰ অনেক জলাশয় বিপন্ন হৈ পৰিছে। অৰুণিমাই এই পুৰস্কাৰ লাভ কৰাত এই দিশটোত আন্তর্জাতিক মহলৰ সামান্য সংখ্যকৰ হ’লেও দৃষ্টিগােচৰ হ’ব।
উল্লেখ্য যে কমেও আঠটা প্ৰজাতিৰ লৱণহীন পানীত বাস কৰা কাছৰ লগতে উত্তৰপ্ৰদেশৰ গংগা অৱবাহিকাৰ লৱণহীন পানী কুম্ভীৰ, ঘঁৰিয়াল, শিহুসহ নানা বিধ জলচৰ প্রাণীৰ বাসস্থান।
লৱণহীন পানীৰ বাস্তুতন্ত্ৰৰ ৰক্ষাত এই প্রজাতিসমূহৰ ভূমিকা গুৰুত্বপূর্ণ। প্রধানকৈ এইবােৰক লৈয়ে অৰুণিমা আৰু তেওঁৰ সংস্থাই কাম কৰি আছে।অৱশ্যে এনে কৰিবলৈ যাওঁতে একাধিকবাৰ চোৰাং চিকাৰী আৰু ভূ-মাফিয়া চক্ৰৰ আক্ৰমণৰাে সন্মুখীন হৈছে অৰুণিমা সিং।
তথাপিও নিজৰ জীৱনকাে তুচ্ছ জ্ঞান কৰি নিষ্পাপ প্ৰাণীকুলৰ ৰক্ষাৰ বাবে নিজৰ সংকল্পৰ বৰা বিচ্যুতি ঘটা নাই এই তৰুণগৰাকী।
Pls Comment & share