পত্নীৰ সন্ধানত স্বামীয়ে দাখিল কৰিছে ধিং থানাত এজাহাৰ। প্ৰেমৰ মমতাত ধিঙৰ এগৰাকী মহিলাই দুই সন্তানক এৰি পলায়ন পৰ পুৰুষৰ সৈতে।
ধিং, ১৭ নৱেম্বৰ : নিৰ্লজ্জ, অমানবীয়, হৃদয়হীনা এগৰাকী মাতৃ। পুনৰ 'মা' শব্দক কলংক কৰাৰ ধিঙত এক জীয়া ঘটনা সংঘটিত হৈছে। যি সময়ত সমগ্ৰ বিশ্বতে নাৰী সবলীকৰণৰ ক্ষেত্রত বিশেষ অগ্ৰগতি লাভ কৰিছে সমগ্ৰ নাৰী সমাজে, ঠিক তেনে সময়তে পোহৰলৈ আহিছে নাৰী সমাজক লজ্জানত কৰা আন এক অপাসবিক ঘটনা।ধিঙৰ আঠগাঁৱ চাপৰিৰ ৰুণু দেৱী নামৰ এগৰাকী পাষাণ হৃদয়ৰ মাতৃয়ে নিজৰ দুই বছৰীয়া পুত্র সন্তান আৰু ছয় বছৰীয়া এগৰাকী কন্যা সন্তানক ঘৰৰ ভিতৰতে অকলশৰে এৰি পৰ পুৰুষৰ সৈতে পলায়ন কৰিছে।
তাৰ পিছৰে পৰাই অব্যাহত আছে নিজ পুত্ৰ সন্তান আৰু কণমানি জীয়ৰীৰ হৃদয়ভঙা উচুপনি। দুই সন্তানে কান্দি কান্দি মাকক বিচাৰিছে যদিও ইতিমধ্যে মহিলা গৰাকীয়ে ফোনযোগে জানিব দিছে তেজপুৰ পাৰ হৈ অৰুণাচললৈ ৰাওনা হৈছে পাষাণ হৃদয়ৰ মাতৃগৰাকী। দুই সন্তানক লৈ স্বামী প্ৰদিপ বৰাৰ এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা।
এফালে সন্তানৰ লালন পালন আনফালে উপৰ্জনৰ বাবে ঘৰ এৰি যাব নোৱাৰে কৰ্মস্থলিলৈ।দৰিদ্ৰ স্বামীয়ে দিন হাজিৰা কৰি বহু কষ্টৰেই চলাই আহিছিল নিজৰ আপোন পৰিয়ালটিক পিছে পত্নীয়ে হঠাৎ লোৱা সিদ্ধান্তত দিকবিদিক হেৰুৱাইছে স্বামীয়ে। দুই বছৰীয়া পুত্র সন্তানক এতিয়া পিতৃয়েই দিব লগা হৈছে মাকৰ বুকুৰ উম। প্ৰতি মুহূর্ততে ছাঁৰ দৰে এতিয়া কণমানি দুটিক অকলশৰে ৰাখিবলগীয়া হৈছে লগত। মাকৰ বাৰু কেতিয়াবা মনত পৰিবনে এই কণমানি দুটিলৈ ? নে মাঁ শব্দটো এই কণমানি দুটিৰ বাবে হৈ ৰব কলংক ?
Pls Comment & share