কুম্ভকৰ্ন নিদ্ৰাত ধিং আৰক্ষী। ধিঙত নিশা দুৰ্বৃত্তই জ্বলালে দোকান, অংগনৱাড়ী কেন্দ্ৰ ।
ধিং, ১৭ নৱেম্বৰ : নগাঁও জিলাৰ ধিঙত যোৱা নিশা ধিং থানাৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত ধিঙৰ আঠগাঁৱৰ এটি অংগনৱাডী কেন্দ্ৰৰ লগতে এখন দোকানত দুষ্কৃতিকাৰীয়ে লুটপাত চলাই অগ্নিসংযোগ কৰা এক ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যোৱা নিশা কোনো দুৰ্বৃত্তই ধিং ৰত্নভৱনৰ সমিপৰ বীনা বৰা নামৰ এগৰাকী মহিলাৰ দোকানত লুটপাত কৰাৰ পিছত দোকানত অগ্নি সংযোগ কৰে৷ ফলত দোকানৰ সকলো সামগ্ৰী জুইত জাঁহ যায়৷
দুৰ্বৃত্তই লগতে কাষতে থকা এটা অংগনবাড়ী কেন্দ্ৰটো অগ্নি সংযোগ কৰেউল্লেখ্য যে, এসপ্তাহৰ পূৰ্বে সেই একে স্থানতে দুখন দোকানত চোৰে লুটপাত চলাই অগ্নিসংযোগ কৰি থৈ যায়। তাতোকৈ ডাঙৰ কথাটো হ’ল যে, বিগত কেইদিনমানৰ পূৰ্বে ধিং আৰক্ষী থানাৰ সন্মুখতে থকা এখন দোকানতো চোৰে লুটপাত চলাই ধিং আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰকৃত ছবিখন ডাঙি ধৰিছিল।
তদুপৰি বিগত দুটা মাহতে ধিং পৌৰসভাৰ এলেকাধীন বহু কেইটা অঞ্চলত প্ৰায় কুৰিতকৈও অধিক দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু ধিং আৰক্ষীয়ে কোনো এটা চোৰ বা ডকাইতক আজিলৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল।
ধিঙৰ বিশেষকৈ আঠগাঁৱত প্ৰায় তিনিমাহত দিন দুপৰতে ঘৰত মানুহ নথকাৰ সুযোগ লৈ দহটাতকৈও অধিক চুৰি কাণ্ড সংঘটিত হোৱাৰ লগতে নিশাও সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ড। কিন্তু ধিং আৰক্ষীয়ে আজি পৰ্যন্ত এটা অপৰাধীকো কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ধিং বাসীয়ে।
যোৱা কেইদিনমানৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত ঘোষণা কৰিছিল যে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ধিঙলৈ ঘনাই যাব আৰু অপৰাধ মুক্ত হ’ব নগাঁও জিলাৰ ধিং। কিন্তু এক কথাত মুখ্যমন্ত্ৰীৰ সেই ঘোষণা ফুটুকাৰ ফেনতহে পৰিণত হোৱা দেখা গৈছে ধিঙৰ ক্ষেত্ৰত। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছৰে পৰাই অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ধিং অঞ্চল।
কি দিন, কি ৰাতি! সকলো সময়তে চৰম নিৰাপত্তাহীনতাত ভূগিছে ধিং নগৰবাসীৰ লগতে বৃহত্তৰ ধিঙৰ একাধিক অঞ্চলৰ ৰাইজে। একাংশ ভুক্তভোগীয়ে আজি ধিং আৰক্ষীৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত কয় যে, ধিং আৰক্ষীৰ ব্যৰ্থতাত অপৰাধ মুক্তৰ বিপৰীতে অপৰাধযুক্তহে হৈছে ধিং। এই ক্ষেত্ৰত ধিং আৰক্ষীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী গৰাকীয়ে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় বিষয়।
Pls Comment & share