‘শিখসকলৰ ধৈৰ্যৰ পৰীক্ষা নল’ব’ নৰেন্দ্ৰ মোদীক সকিয়নি, ।
শিখসকলৰ ধৈৰ্যৰ পৰীক্ষা নল’ব। তেওঁলোকে সহজতে একো পাহৰি নাযায়। আনকি ৩০০ বছৰৰ পাছতো তেওঁলোকে প্ৰত্যুত্তৰ দিয়ে। শিখসকলক হৰুৱাব নোৱাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইদৰে একপ্ৰকাৰৰ ভাবুকিয়ে প্ৰদান কৰিলে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে ।
SOCIAL MEDIAত শেহতীয়াকৈ ভাইৰেল হৈ পৰা তেওঁৰ এটা বক্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে । উক্ত ভাষ্যটো তেওঁ যোৱা ৮ নৱেম্বৰৰ এটা অনুষ্ঠানত দিছিল । চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিত উক্ত ভিডিঅ’ ক্লিপটো ভাইৰেল কৰি তোলে । লক্ষ্যণীয়ভাৱে, সত্যপাল মালিক হৈছে শাসনাধীষ্ঠ বিজেপিৰে এজন জ্যেষ্ঠ নেতা।
ভিডিঅ’টো কৃষি আইন বাতিল কৰাৰ আগৰ। তাত সত্যপাল মালিকে কোৱা শুনা গৈছে যে যদি নৰেন্দ্ৰ মোদীয়ে কৃষি আইন তিনিখন বাতিল নকৰে, তেন্তে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব পাৰে। প্ৰধানমন্ত্ৰীয়ে ভুল বুজি আছে যদিহে তেওঁ ভাবিছে যে কৃষকসকল নিজে নিজে ৰাজপথ এৰি ঘৰলৈ ঘূৰি যাব। মালিকে লগতে কয় যে কৃষকসকলক খালি হাতেৰে ঘৰলৈ উভটাই পঠোৱাটো অনুচিত। তেওঁলোকে যিসমূহ দাবী কৰিছে সেয়া প্ৰধানমন্ত্ৰীয়ে পালন কৰা উচিত। উল্লেখযোগ্য যে সত্যপাল মালিক হৈছে উত্তৰপ্ৰদেশৰ জাট সম্প্ৰদায়ৰ এগৰাকী প্ৰভাৱশালী বিজেপি নেতা। বৰ্তমান মেঘালয়ৰ ৰাজ্যপাল মালিক ইয়াৰ পূৰ্বে জম্মু কাশ্মীৰ, গোৱা, বিহাৰ আৰু ঊৰিষ্যাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কৃষি আইনৰ বিৰোধিতাৰে তেওঁ শেহতীয়াকৈ কেইবাটাও ভাষ্য প্ৰদান কৰি আহিছে। সম্প্ৰতি ভাইৰেল হৈ পৰা উক্ত ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাবুকি প্ৰদান কৰাৰ বিষয়টো ব্যাপক লক্ষ্যণীয় হৈ পৰিছে।
Pls Comment & share