আৰক্ষী বিষয়াৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজো ।
ধুবুৰী উকীল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা N I CHOWDHURYয়ে আজি ৰুজু কৰিলে গোচৰ। বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবুল কাছিমৰ বিৰুদ্ধে এজাহাৰকাৰীৰ এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ । অভিযোগ অনুসৰি যোৱা ১৫ নৱেম্বৰত এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হৈছিল বন্দিহানা আৰক্ষী চকীত । কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে এজাহাৰ গ্ৰহণ নকৰে। ইয়াৰ পিছতেই অধিবক্তা এন আই চৌধুৰীয়ে ফোনযোগে কিয় এজাহাৰ গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰাৰ পিছতেই তৰ্ক বিতৰ্কৰ সৃষ্টি হয় । তেনেতে অধিবক্তা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰৰ ধমকি দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে । ইয়াকে লৈ ধুবুৰী উকীল সন্থাৰ অধিবক্তা সকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনে অভিযোগৰ ভিত্তিত জ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীয়ে আৰক্ষী বিষয়া আবুল কাছিমৰ বিৰুদ্ধে ধুবুৰী আদালতত ৰুজু কৰে এক গোচৰ ।
Pls Comment & share