ড্ৰাগচৰ নিচাত সৰু ভায়েকে শোৱাপাটীতে হত্যা কৰিলে নিজ ককায়েকক ।
এটাৰ পিছত এটা মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দেওবাৰে নিশা বামুণীমৈদামত সংঘটিত হৈছে এই হত্যাকাণ্ড ঘটনাটো । শোৱাপাটীতে ককায়েকক হত্যা কৰিলে কনিষ্ঠ ভাতৃয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত উপস্থিত হয় চানমাৰী আৰক্ষী । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দুই ভাতৃয়ে একেটা কোঠাতে শুৱে আৰু কিবা কথাত কাজিয়া লাগিছিল দুয়ো জনৰ মাজত। যাৰ বাবে এই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে
ইফালে দুয়ো ভাতৃ ড্ৰাগছ আসক্ত আছিল আৰু জিন্টু দাস নামৰ সৰু ভায়েকে ককায়েক কমল দাসক হত্যা কৰে। হত্যাকাৰী ভায়েক সেইসময়ত নিচাসক্ত আছিল জিন্টু বৰ্তমান পলাতক।
Pls Comment & share