ধিঙত বেদখলকাৰীৰ দখলত চৰকাৰী বিল আৰু জলাশয়ৰ মাটি
ধিঙত শ শ বিঘা চৰকাৰী বিল আৰু জলাশয়ৰ মাটি বেদখলকাৰীৰ দখলত৷
চৰকাৰী বিল, জলাশয় বেদখল কৰি একাংশ ভূমাফিয়াই খন্দিছে বৃহৎ বৃহৎ আকাৰৰ পুখুৰী৷
ধিং, ৩ নবেম্বৰ : যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী ভূমি বেদখলমুক্ত অভিযান অব্যাহত ৰাখিছে
সেই সময়তে পোহৰলৈ আহিছে ধিঙৰ চৰকাৰী ভূমিত অবৈধ বেদখলকাৰীৰ দপদপনি।
বিশেষকৈ চৰকাৰী বিল আৰু জলাশয়ৰ শ শ বিঘা মাটি বেদখল কৰি একাংশ ভূমাফিয়াই খন্দিছে
বৃহৎ আকাৰৰ পুখুৰী। বন্ধ কৰি দিছে বোৱতী বিলৰ জলাধাৰ।
যাৰ ফলস্বৰূপে কৃত্ৰিম বানৰ কবলত পৰিছে বৃহত্তৰ ধিং অঞ্চলৰ শ শ বিঘা কৃষি ভূমি।
ঘৰ বাৰীও পৰিছে কৃত্রিম বানৰ কবলত।
এফালে যদি ভদীয়া বানৰ বিভীষিকা তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি কৃত্ৰিম বানৰ ফলত
নষ্ট হৈছে কৃষকৰ সপোনৰ খেতি। ধিং ৰাজহ চক্ৰৰ অধীনৰ আহোমগাঁও বিল, ৰৌমাৰী বিল,
গেৰেকনি বিল, লালিপথাৰ চলা বিল আৰু মিকিৰভেটা ৰাজহ চক্ৰৰ
ঐতিহাসিক কুজি বিলৰ ওপৰত থকা গড়কাপ্তানি বিভাগৰ দলঙৰ তলৰ শ শ বিঘা চৰকাৰী মাটি
বেদখল কৰি তাত বেদখলকাৰীয়ে বৃহৎ বৃহৎ পুখুৰী খান্দিছে৷
যাৰ ফলত উক্ত দলং সমুহৰ তলেৰে ইখন পথাৰৰ পৰা
আনখন পথাৰলৈ বৈ যোৱা জলাধাৰৰ প্ৰবাহ বন্ধ হৈ পৰিছে৷
গড়কাপ্তানি বিভাগে পথৰ দুয়ো পাৰে থকা বিশাল কৃষি ভূমিৰ পানী সমভাৱে ৰাখিবৰ বাবে
পথৰ মাজত থকা বিল বা দ’ জলাশয়ৰ উপৰত দলং নিৰ্মাণ কৰি
পাৰিপাৰ্শ্বিক অৱস্থা বৰ্তাই ৰাখিছে৷ কিন্তু বেদখল কাৰীয়ে উক্ত দলং সমুহৰ তলতেই
ভূমি বেদখল কৰাত পথৰ দুয়ো কাষৰ জলাধাৰ বৈ যোৱাত বাধা আহি পৰিল৷ যাৰ ফলত
উক্ত অঞ্চল সমুহৰ কৃষি ভূমিত প্ৰয়োজনতকৈ অধিক পানী জমাহৈ কৃষি কাৰ্যত ব্যাঘাত জন্মাইছে৷
ইয়াৰ বাবেই সাধাৰণ এজাক বৰষুণতে কৃষি ভূমিৰ লগতে জনাঞ্চল সমুহ সঘনাই কৃত্ৰিম বানৰ কৱলত পৰা
দেখা যায়৷ এই অঞ্চল সমুহৰ ৰাইজে ধিং চক্ৰ বিষয়াক অভিযোগ দাখিল কৰাৰ পিছতেই চক্ৰ বিষয়াই
তদন্ত কৰি প্ৰায় ৩০ জন মীনপালকক জাননী জাৰি কৰিছিল যদিও
আজিকোপতি সেই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে কোনো সুফল লাভ নকৰিলে।
ইয়াৰ উপৰি অঞ্চলবাসীয়ে জিলা উপায়ুক্তকো লিখিত অভিযোগ
দাখিল কৰে যদিও ইয়াতো কোনো সুফল লাভ কৰা নাই ৰাইজে।
বটদ্ৰৱা সমষ্টিৰ স্থানীয় বিধায়িকা গৰাকীক অৱগত কৰোৱাৰ পিছতো বিধায়িকা
গৰাকীয়ে অঞ্চলৱাসীৰ কোনো খবৰ লোৱা নাই বুলিও অভিযোগ তুলিছে স্থানীয় ৰাইজে।
এতিয়া ৰাইজে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত আহ্বান জনাইছে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা
গ্ৰহণ কৰিবলৈ৷ ভূক্তভোগী ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক চৰকাৰী বিল
আৰু জলাশয় সমূহ বেদখল মুক্ত কৰি ইয়াৰ লগত সংযুক্ত হৈ থকা কৃষি ভূমি সমুহ
ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।
Pls Comment & share