বোৱাৰী নিৰ্যাতনৰ ঘটনা : সন্দেহজনকভাবে চিপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ।
চিপ লোৱা বোৱাৰী গৰাকী হৈছে ৰঙিয়া তিনিআলিৰ একৈশ বছৰীয়া ধৰিত্ৰী ডেকা । প্ৰাপ্ত তথ্য অনুসৰি শুক্ৰবাৰে নিশা মৃত ধৰিত্ৰীৰ নিজৰ স্বামী ৰিদীপ কলিতাৰ লগতে পৰিয়ালৰ লোকৰ সৈতে বাক্ বিতণ্ডা হৈছিল। ইয়াৰ পিছত নিশাই ধৰিত্ৰীৰ শাহুৱে ধৰিত্ৰীৰ মাতৃৰ পৰিয়াল বৰ্গৰ সৈতে ফোনত কথা পাতে। বৰ্তালাপৰ সময়ছোৱাত ধৰিত্ৰীৰ শাহুৱে যথেষ্ট উচ্চ-ভাষ্য ব্যৱহাৰ কৰাৰ লগতে বোৱাৰীক মাৰিম বুলিও ধমকি দিয়ে। ইয়াৰ কিছুসময় পিছতেই ধৰিত্ৰীৰ শহুৰৰ পৰিয়ালে ধৰিত্ৰীৰ মাতৃগৃহত খবৰ দিয়ে যে ধৰিত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰিছে। সম্পূৰ্ণ ঘটনা যথেষ্ট সন্দেহৰ আৱৰ্তত থকাত মৃত ধৰিত্ৰীৰ মাতৃগৃহৰ পৰিয়াল বৰ্গ ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে। উল্লেখযোগ্য যে কমলপুৰ বৰুৱাজানীৰ জীয়ৰী তথা ৰঙিয়া তিনিআলীৰ বোৱাৰী ধৰিত্ৰী এগৰাকী চাৰিমহীয়া কন্যা সন্তানক এৰি থৈ যায় ।
Pls Comment & share