পেট্টল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্বে প্ৰতিবাদ কংগ্ৰেছৰ।
পেট্টল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু বিত্তীয় ব্যৱস্থাপনাৰ ভুল পৰিচালনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নগাঁও কংগ্ৰেছে আজি "জন জাগৰণ অভিযান" কাৰ্যসূচী ৰূপায়ন কৰে ।
কাৰ্যসূচী ৰূপায়ন কৰি কংগ্ৰেছৰ শতাধিক নেতা কৰ্মী মূল্য বৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ প্ৰতিবাদত নগাঁও চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল কৰি বিভিন্ন শ্লগাৱেৰে পৰিবেশ উত্তাল কৰি তোলে । উক্ত জন জাগৰণ অভিযানত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়িক নুৰুল হুদা আৰু জেষ্ঠ নেতা শান্তনু শৰ্মাৰ লগতে নগাঁও পৌৰ ব্লক কংগ্ৰেছ, খাগৰিজান ব্লক কংগ্ৰেছ আৰু পাখিমৰীয়া ব্লক কংগ্ৰেছেৰ কৰ্ম কৰ্তা সকলে অংশ গ্ৰহণ কৰে।
Pls Comment & share