ধিং শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ৬৭ তম প্ৰতিষ্ঠা দিৱস পালন।
১৯৫৪ চনতে প্ৰতিষ্ঠা হোৱা ধিং শতদল শাখা সাহিত্য সভাই ইতিমধ্যে অতিক্ৰম কৰিলে ৬৭ বছৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শেৱালী কবি ৰত্নকান্ত বৰকাকতিৰ প্ৰচেষ্টাত নগাঁও জিলাৰ ধিঙত প্ৰতিষ্ঠা লাভ কৰা ধিং শাখা সাহিত্য সভাই আজিৰে পৰা দুদিনীয়া কৈ উদযাপন কৰিছে ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস । আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ধিঙৰ কণ কণ শিশু, চেমনীয়াৰ মাজত অনুষ্ঠিত কৰা হয় ভূপেন্দ্ৰ সংগীত আৰু কবিতা আবৃত্তি প্ৰতিযোগীতা । আজিৰ এই প্ৰতিযোগিতাত বৃহত্তৰ ধিং অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক শিশু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে । ধিং স্থিত শাখা সাহিত্য সভাৰ মূখ্য কাৰ্য্যলয় ৰত্নভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসটি অহাকালি বিয়লি ২বজাৰ পৰা সন্মানীয় প্ৰাক্তন সভাপতি আৰু সম্পাদক সকলৰ স্মৰণ আৰু সম্বোৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব । উক্ত অনুষ্ঠানত নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়া উপস্থিত থকাৰ লগতে বঁটা বিতৰণি অনুষ্ঠান অনুষ্ঠিত হব বুলি ধিং শাখা সাহিত্য সভাৰ সভাপতি মৃগাংক বৰাই জানিবলৈ
Pls Comment & share