লাখ লাখ টকাৰ উজান : পানীৰ পাইপেৰে উলালে লাখ লাখ টকা ।
পিছে আজি আমি কৰ্ণাটকৰ এটা কাহিনী লৈ আহিছো । খবৰ অনুসৰি কৰ্ণাটকৰ কালাবুৰাগী চহৰখনত পানী পাইপত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ধনৰাশি ৷ এই ধনৰাশি পোৱা ঘৰটোৰ গৰাকী, সান্তানগৌড়া আৰু তেওঁ PWD-ৰাজেৱাৰ্গী উপ-বিভাগৰ এজন কনিষ্ঠ অভিযন্তা ৷ বুধবাৰে দুৰ্নীতি বিৰোধী ব্যুৰোৰ দ্বাৰা চহৰখনৰ এইজন অভিযন্তাৰ ঘৰত তালাচী চলোৱা হৈছিল ।
অভিযন্তাজনৰ ওপৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ তেওঁৰ উপাৰ্জনৰ সৈতে কোনো সামঞ্জস্য নৰখাৰ অভিযোগ আছিল । ফলস্বৰূপে, দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে অভিযন্তাজনৰ কালবুৰ্গীৰ ঘৰৰ বাসভৱনত তালাচী চলাইছিল। তালাচী অন্তত দেখা গৈছিল যে অভিযন্তাজনৰ ঘৰৰ পানীৰ পাইপৰ পৰা লাখ লাখ টকা ওলাই আহিছিল । আৰক্ষীয়ে গোটেই ঘৰটো তন্নতন্ন কৈ পৰীক্ষা কৰিছিল আৰু প্ৰায় ৪০ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰিছিল ।
কেৱল সেয়াই নহয়, ইয়াৰে ৫ লাখ টকা ঘৰৰ PVC পাইপলাইনৰ ভিতৰত লুকুৱাই ৰখা হৈছিল। দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে ইতিমধ্যে এই বিষয়ে দৃঢ় তথ্য লাভ কৰিছিল। তালাচী চলাওতে তেওঁলোকে পানীৰ মেকানিকো লগত লৈ আহিছিল। তেওঁলোকে প্ৰথমে মেকানিকজনক পাইপৰ এটা নিৰ্দিষ্ট অংশ কাটিবলৈ কৈছিল। তাৰ পৰা নগদ পাঁচ লাখ টকা উদ্ধাৰ কৰিছিল। লগতে বিষয়াজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ গহনা উদ্ধাৰ কৰা হৈছে। সম্প্ৰতি এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ কৰ্ণাটকত।
Pls Comment & share