তামুলপুৰত এবিএমএছইউৰ প্ৰতিবাদ।
২৫ নৱেম্বৰ ২০২১ তামুলপুৰত এবিএমএছইউৰ প্ৰতিবাদ। বিদেশীৰ নামত প্ৰকৃত সংখ্যালঘু নাগৰিকক উৎপীড়ন কৰা আৰু ডি ভোটাৰৰ নামত অন্যায় অত্যাচাৰ বন্ধ কৰাৰ দাবীত ABMSU তামুলপুৰৰ মাজত সকলো বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই চমুকৈ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে ।হিমন্ত বিশ্ব শৰ্মা গো বেক, ষ্টপ বৰ্ডাৰ পুলিচ, ডি ভোটাৰৰ নামত অন্যায় অত্যাচাৰ নকৰিব, এন আৰ চি প্ৰক্ৰিয়া সমাপ্ত কৰক আদি শ্ল'গানেৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কঁপাই তুলিছিল তামুলপুৰ । উল্লেখ্য যে, অল বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই আজি কেইবাটাও দাবীৰ সমৰ্থনত তামুলপুৰৰ মাজভাগত দুঘণ্টাৰ অবস্থা ধৰ্মঘট পালন কৰে । এবিএমএছইউৰ সাধাৰণ সম্পাদক টাইচন হুছেইনে প্ৰতিবাদী কাৰ্যসূচীৰ পৰা কৈছিল যে ভোটাৰ আৰু বিদেশীৰ নামত সংখ্যালঘুসকলক হাৰাশাস্তি কৰিলে কঠোৰতম গণতান্ত্ৰীক কাৰ্য্যসূচী গ্ৰহন কৰা হব ।
Pls Comment & share