ধিঙৰ মহখুটিত বিদ্যুতৰ তাঁৰত লাগি জ্বলি ভস্মীভূত হল এখন মহিন্দ্ৰ মেক্সিমো ।
ধিং, ১০ নৱেম্বৰ : নগাঁও জিলাৰ ধিঙৰ মহখুটিত বিদ্যুতৰ তাঁৰত লাগি আজি চকুৰ পচাৰতে জ্বলি ভস্মীভূত হয় এখন মহিন্দ্ৰা মেক্সিমো মালবাহী বাহন ৷
জামাল উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ মালিকাধীন এই বাহনখনে ধিঙৰ নৈপৰীয়া মহখুটি গাৱঁৰ পৰা ধিং বজাৰলৈ মৰাপাটৰ ঠাৰি কঢ়িয়াই আনি থকা অৱস্থাতে পথৰ উপৰেদি পাৰহৈ যোৱা আৰু কিছু তললৈ উলমি থকা উচ্চ প্ৰাৱল্যৰ বিজুলী তাৰত লাগি যোৱাত মৰাপাটৰ ঠাৰিত জুই লাগি যায়৷
শুকান মৰাপাটৰ ঠাৰিত লগা জুইয়ে তৎমুহূৰ্ততে গাড়ীখন আবৰি ধৰে ৷ ওচৰ-পাজৰৰ ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীকো খবৰ দিয়া হৈছিল যদিও অগ্নিনিৰ্বাপক বাহন আহিপোৱাৰ পূৰ্বেই গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷
এই ঘটনাত কথমপিহে প্ৰাণ ৰক্ষা পৰে গাড়ীখনৰ চালক আৰু হেণ্ডিমেনৰ ৷ ধিঙৰ বিদ্যুৎ সংমণ্ডলৰ চৰম গাফিলতিৰ বাবেই এই কাণ্ড সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ প্ৰকাশ কৰিছে। ধিঙৰ বিদ্যুৎ সংমণ্ডলৰ এনে হেমাহি আৰু গাফিলতিৰ ফলত ইয়াৰ পূৰ্বে বহুলোকৰ মৃত্যু হোৱাৰ অভিযোগো কৰিছে স্থানীয় ৰাইজে ।
Pls Comment & share