Homebreaking-news নগাঁও জিলাৰ ৰাঙলুত পিষ্টলসহ দুজন অপৰাধীক গ্ৰেপ্তাৰ। breaking-news নগাঁও জিলাৰ ৰাঙলুত পিষ্টলসহ দুজন অপৰাধীক গ্ৰেপ্তাৰ। D24 NEWS ASSAM November 29, 2021 0 adsettra adds নগাঁও জিলাৰ ৰাঙলুত পিষ্টলসহ দুজন অপৰাধীক গ্ৰেপ্তাৰ। নগাঁও আৰক্ষয়ে গোপন সুত্ৰৰ পম খেদি ৰাঙলুৰ পৰা যোৱানিশা বুজন পৰিমানৰ নিচাযুক্ত দ্ৰব্য সহ এটা পইণ্ট ৩২ পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় ৷ আজি নগাঁও সদৰ আৰক্ষী থানাত এক সংবাদমেল যোগে এই কথা সদৰি কৰি নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীবিষয়া মৃদুল বৰাই কয় যে -এই সন্দৰ্ভত ফইজুল ইছলাম আৰু ছিদ্দিক আলি নামৰ দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই অপৰাধী দুজনৰ হাতৰ পৰা এটা পিষ্টল, নটা সজীৱ গুলী, এটা মেগজিন, বুজন পৰিমানৰ সন্দেহজনক হিৰইন সহ নিচাযুক্ত ঔষধ আৰক্ষীয়ে জব্দ কৰে ৷ আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে এই লোক দুজনে পিষ্টলৰে বিভিন্ন জনক ভয় ভাবুকি প্ৰদান কৰি বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে ৷ তদুপৰি তেওঁলোকে নিচাযুক্ত ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলায় আহিছে । Below Post Ad Tags breaking-news Newer Older
Pls Comment & share