এগৰাকী নিৰ্দ্দয় হৃদয়ৰ আৰক্ষী কনিষ্ঠবলৰ নিকৃষ্ট কাণ্ড : জীৱন্ত কঠোৰ শাস্তি প্ৰদান নিঃসহায় বৃদ্ধ পিতৃ-মাতৃক ।
এগৰাকী নিৰ্দ্দয় হৃদয়ৰ পুত্র । বটদ্ৰৱা সোনাইবেৰা গাঁৱৰ অসম আৰক্ষীত কৰ্মৰত জালাল উদ্দিনৰননিকৃষ্ট কাণ্ডই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । বহু কষ্টৰে নিজ পিতৃ-মাতৃয়ে পোহপাল দি ঘৰৰ সা-সম্প্ৰতি বিক্ৰী কৰি শিক্ষিত কৰি অসম আৰক্ষীত নিযুক্তি পোৱো লৈকে সহায় কৰিছিল । পিছে বৃদ্ধ দম্পতি হাফিজ উদ্দিন(৯৪) আৰু হাজেৰা খাতুনৰ (৮৬) এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা । জীৱনৰ বিয়লি বেলাত এমুঠি অন্ন তথা চিকিৎসাৰ বাবে ককবকাই থাকিবলগীয়া হৈছে বৃদ্ধ দম্পতি হাল । পুত্র অসম আৰক্ষীত নিযুক্তি পোৱাৰ পিছৰে পৰা ঘৰৰ সকলো দায়িত্ব শেষ কৰি একমাত্ৰ নিজ স্বাৰ্থতে ব্যস্ত আছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । উপায়ন্তৰ হৈ কেতিয়াবা যদি পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰে তেতিয়াও বিভিন্ন ধৰনৰ অপমানৰ সন্মুখীন হ'বলগীয়া হয় । আনহাতে বৃদ্ধ পিতৃ-মাতৃক চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে চকুৰ সন্মুখতে এনে বিলৈ চাই থাকিব লগীয়া হৈছে । বৃদ্ধ পিতৃ- মাতৃয়ে নিজৰ প্ৰাণৰ মমতাত ইতিমধ্যে কাষ চাপিছে আদালতৰ । নিজ পুত্ৰৰ এনে দায়িত্বহীনতাৰ বাবে নিজৰ জন্মদাতাই এনেদৰে চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱাটো সচাঁকৈ আমাৰ সমাজৰ কাৰণে এক লজ্জাজনক বিষয় । বৃদ্ধ দম্পতি হালৰ এনে কৰুণ বিণনীত প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়তহে লক্ষ্যণীয় হব ।
Pls Comment & share