সাংসদ আব্দুল খালেকে বৰপেটাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এখন এম্বুলেঞ্চ সেৱা ।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ভাষণত গণ অধিকাৰ ছো’চিয়েল চাৰ্কলৰ উদ্যোগত বৰপেটাত নতুনকৈ মুকলি হোৱা এম্বুলেঞ্চ সেৱাৰ জড়িয়তে সমাজসেৱা কৰাৰ এই মনোবৃত্তিৰ সলাগ লয় । গণ অধিকাৰ ছ’চিয়েল চাৰ্কলৰ খবিৰ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাহিত্যিক দত্তই জনসাধাৰণৰ সেৱাত এম্বুলেঞ্চ মুকলিটো বৰপেটাৰ বাবে এক বিৰল মূহুৰ্ত বুলি ভাষণত কয়।
সাংসদ খালেকৰ সাংসদ পুজিৰ জৰিয়তে ১৫ লাখতকৈ অধিক টকা এম্বুলেঞ্চৰ বাবে আৱন্টন দিয়া এই এম্বুলেঞ্চ উদ্বোধনী সভাত সাংসদ গৰাকীয়ে এই এম্বুলেঞ্চৰ জৰিয়তে জিলাখনৰ সকলো শ্ৰেণীৰ লোকৰ উপকাৰ সাধন হব বুলি আশা ব্যক্ত কৰে । বিগত দুই বছৰে সাংসদ পুঁজি বন্ধ হৈ আছে বুলি কৈ এইবাৰ দিয়া ধনৰ উক্ত অংশৰে এই এম্বুলেঞ্চখন ক্ৰয় কৰি ৰাইজৰ মাজত মুকলি কৰি দিয়া হৈছে বুলি তেওঁ কয়। সাংসদ পুঁজিৰ সীমাবদ্ধতা আছে যদিও এম্বুলেঞ্চৰ ক্ষেত্ৰত সেই সীমাবদ্ধতা ৰখা নাই বুলি কৈ জিলাখনৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা যাতে এই এম্বুলেঞ্চ গ্ৰহণ কৰে তাৰেই কামনা কৰে তেওঁ। জিলাখনৰ দুখীয়া নিচলা লোকক যাতে অতি কম খৰছৰ ভিতৰতে এই এম্বুলেঞ্চৰ সুবিধা প্ৰদান কৰে তাৰ বাবে গণ অধিকাৰ ছো’চিয়েল চাৰ্কলক আহ্বান জনায় সাংসদ আব্দুল খালেকে ।
গণ অধিকাৰ ছো’চিয়েল চাৰ্কল তথা কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰে এম পি এল এ ডি পুজিৰ জৰিয়তে আৱন্টিত এম্বুলেঞ্চখন ৰাইজৰ সেৱাত উৎসৰ্গিত হব বুলি জনায়। ৰাইজে ৯৪০১১১৪৪৪৪ , ৭৫৭৫৯৫৪১০১ আৰু ৯৪৩৫০২৫৩৭৭ ফোন নম্বৰৰ জড়িয়তে সদ্যহতে এই এম্বুলেঞ্চ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ জনায়।
Pls Comment & share