কুকুৰ আৰু মেকুৰীৰ সংগপ্ৰেমে চমক সৃষ্টি কৰিছে ধিঙত।
আমি হয়তো সদায় প্ৰত্যক্ষ কৰি আহিছো কুকুৰ আৰু মেকুৰীৰ মাজৰ অহিনকুল সম্পর্ক । কেতিয়াওঁ কোনো কাৰণতে এটা মধুৰ সম্পৰ্ক গঢ়ি নুঠা কুকুৰ মেকুৰীৰ ক্ষেত্রত আন এক বিপৰীত ছবি প্ৰতিফলিত হৈছে ধিঙত ।জীৱ জন্তুৰ প্ৰতি অফুৰন্ত মৰম থকা ছাইদুল ইছলাম নামৰ যুৱকজনৰ ঘৰত আছে দুটাকৈ পোহনীয়া কুকুৰৰ লগতে এটা মেকুৰী। এখন ঘৰতে দুটা কুকুৰ আৰু এটা মেকুৰীৰ এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায়, যিটো নেকি দৃশ্য আমি সচৰাচৰ হয়তো কাহানিও দেখিবলৈ পোৱা নাই ।মাক দেউতাকৰ দৰে প্ৰতি মুহূর্ততে খোৱাৰ পৰা আৰম্ভ কৰি গা উমলৈকে সকলো ক্ষেত্রতে স্নেহেৰে সাগৰ উপচাই পেলোৱাৰ আদৰ ।বৰ্তমানে এনে দৃশ্য যেন একাংশ দানৱ ৰূপী মানৱৰ কাৰণে এক উৎকৃষ্ট নিদর্শন ।যি সময়ত আমাৰ সমাজত হত্যা, লুণ্ঠন, ধৰ্ষণ আৰু অসামিজিক কৰ্য্যকলাপে সমগ্ৰ ৰাজ্যতে এক কলা ধোঁৱাৰ সৃষ্টি কৰিছে, ঠিক তেনে সময়তে এইকেইটা পোহনীয়া জন্তুৰ ভৰপূৰ মৰম স্নেহে বাৰুকৈয়ে চমক সৃষ্টি কৰিছে। কাহানিও মিল নথকা দুটা জন্তুৰ মাজত এনে মহানুভৱতা ।ধিঙৰ এইকেইটা পোহনীয়া জন্তুৰ নান্দনিক দৃশ্যই জানো আমাক সুন্দৰ আৰু শান্তিৰ পথৰ উদাহৰণ দাঙি ধৰা নাই ?
Pls Comment & share