অশান্ত কাশ্মীৰত এতিয়া মৃত্যুৰ কিৰিলি । এটা হত্যাকাণ্ডই কঁপাইছে পৃথিৱী : মৃতদেহৰ সন্মুখতে সন্ত্ৰাসবাদীৰ অট্ৰহাস্য ।
নিউজ ডেক্স : পুনৰ অশান্ত হৈ পৰিছে জন্মু-কাশ্মীৰ। অশান্ত কাশ্মীৰত এতিয়া মৃত্যুৰ কিৰিলি। সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এক নিৰ্মম কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। মৃত্যু এতিয়া সহজে নহয় হৈ পৰিছে সুলভো। শেহতীয়া এক শিহৰণকাৰী ঘটনাই সচেতন সমাজৰো চকু কপালত তুলিছে। জম্মু-কাশ্মীৰত সোমবাৰে এক নিৰাপত্তা অভিযানৰ সময়ত ক্ৰন্দনৰত এগৰাকী কাশ্মীৰী যুৱতীয়ে পিতৃৰ হত্যাৰ বৰ্ণনা কৰা এটা ভিডিঅ’ই সম্প্ৰতি সামাজিক মাধ্যত ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। শ্ৰীনগৰৰ এটা বাণিজ্যিক কমপ্লেক্সত সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিহত ৪জনৰ ভিতৰত মহম্মদ আলতাফ ভাট নামৰ এজন ব্যৱসায়ী আছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। নিহত ব্যক্তিজনক সন্ত্ৰাসবাদীয়ে হত্যা কৰা বুলি আৰক্ষীয়ে প্ৰথমে সদৰী কৰিছিল যদিও পৰৱৰ্তী সময়ত সলনি হয় আৰক্ষীৰ বক্তব্য। আৰক্ষী-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত ব্যক্তিজন নিহত হোৱা বুলি আশংকা প্ৰকাশ কৰে আৰক্ষীয়ে। বহুলভাৱে শ্বেয়াৰ হোৱা ভিডিঅ’টোত ভাটৰ ১৩ বছৰীয়া কন্যাই পিতৃৰ মৃত্যুৰ বিষয়ে বৰ্ণনা কৰি আৱেগিক হৈ পৰিছে।
ভাগি পৰা ভাট কন্যাই কয়, ‘পুৱা প্ৰায় ১০ বজাত মোৰ খুড়ালৈ টেলিফোন আহিছিল আৰু তেওঁ কান্দিবলৈ আৰম্ভ কৰিছিল। মই তেতিয়া ঘৰতে আছিলো। চিঞৰ-বাখৰ শুনাৰ পাছত ততাতৈয়াকৈ দৌৰি গৈছিলো। মই আল্লাৰ ওচৰত প্ৰাৰ্থনাও কৰিছিলো।’ কেৱল সেয়াই নহয় পিতৃৰ মৃত্যুত শোকাহত ভাট কন্যাই লগতে কয়, ‘মোৰ সম্পৰ্কীয় ভাই, তেওঁ সমগ্ৰ ঘটনাটোৰ সাক্ষী। তেওঁ মোক কৈছিল যে, মোৰ পিতৃক তিনিবাৰ আটক কৰা হৈছিল আৰু দুবাৰ তেওঁক মুকলিও কৰি দিয়া হৈছিল কিন্তু তৃতীবাৰ তেওঁ আৰু সোঁ শৰীৰে উভতি নাহিল। তেওঁ সন্মুখীন হ’ল নিৰ্মম বাস্তৱৰ। কৰা হ’ল হত্যা।’ পিতৃক এনদৰে কিয় হত্যাকৰা হৈছে বুলি সোধাত সন্ত্ৰাসবাদী গোটটোৱে ১৩বছৰীয়া কিশোৰী জনীক অট্টহাস্য কৰা বুলিও জানিবলৈ পোৱা গৈছে। স্বাভাৱিকতে মৃত্যুৰ এনে নিৰ্মম বৰ্ণনাই আৱেগবিহ্বল কৰি তুলিছে সকলোকে। পিতৃক হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে ১৩বছৰীয়া কন্যা।তাই এতিয়া ক’লৈ যাব, কি কৰিব?কোনে ল’ব কিশোৰীগৰাকীৰ দ্বায়িত্ব? প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিকে ধৰি ৰাজনৈতিক নেতাসকলেও শ্ৰীনগৰৰ শেহতীয়া সংঘৰ্ষক লৈ প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। অৱশ্যে, পৰৱৰ্তী সময়ত ঘটনাই কি ৰূপ লয় সেয়াহে হ’ব লক্ষ্যণীয়!
Pls Comment & share