স্বামীৰ পৰিয়ালৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহনন বটদ্ৰৱাৰ এগৰাকী মহিলাৰ।
আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালৰ৷
ধিং, ১৮ নৱেম্বৰ : বটদ্ৰৱাত পুনৰ সংঘটিতত হৈছে নাৰী নিৰ্যাতনৰ দৰে এক মৰ্মান্তিক ঘটনা। স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি এগৰাকী তিনি সন্তানৰ মাতৃয়ে বিষ পাণ কৰি আত্মহননৰ দৰে চূড়ান্ত পথ বাছি লবলৈ বাধ্য হ’ল৷
বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়ভেটি গাৱঁৰ পাৰবিনা খাতুন ৭ বছৰ পূৰ্বে জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিনিচুকীয়া গাঁওৰ খাজাল উদ্দিনৰ পুত্ৰ দুলাল উদ্দিনৰ লগত সামাজিক ভাবে বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ কিছুদিন পিছৰ পৰাই স্বামী দুলাল উদ্দিন আৰু তেওঁৰ পৰিয়ালে বিভিন্ন সৰু সৰু অজুহাততে মহিলা গৰাকীক চলাই আহিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন।
বিগত এবছৰ পূৰ্বে লম্পট স্বামী দুলাল উদ্দিন কৰ্ম সূত্ৰে কেৰেলালৈ গৈ তাতে পুনৰ দ্বিত্বীয় বিবাহ কৰে। এই বিষয়ে পাৰবিনা খাতুনৰ পৰিয়ালৰ লোকে খবৰ পোৱাত দুলাল উদ্দিনক ফোনযোগে সোধপোছ কৰাত পাৰবিনা খাতুন আৰু তেওঁৰ পৰিয়ালৰ লোকক দুলাল উদ্দিনে নানা অভৱ্য আচৰণ কৰে।
আনহাতে দ্বিত্বীয় বিবাহৰ পিছৰে পৰা প্ৰথমা পত্নী সহ তিনি সন্তানক দুলাল উদ্দিন আৰু তাৰ পৰিয়ালে কোনো ধৰণৰ ভৰণ পোষণ নিদিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে প্ৰথমা পত্নী পাৰবিনা খাতুনে। ইপিনে লম্পট দুলালৰ পৰিয়ালেও মহিলা গৰাকীক দীৰ্ঘদিন ধৰি অকথ্য নিৰ্যাতন চলোৱা কথা প্ৰকাশ কৰে পাৰবিনা খাতুনৰ পৰিয়ালৰ লোকে।
এফালে তিনি সন্তানৰ ভৰণ পোষণৰ দায়িত্ব আৰু আনফালে স্বামী সহ পৰিয়ালৰ লোকৰ অকথ্য নিৰ্যাতন। যাৰ ফলত অৱশেষত পাৰবিনা খাতুনে এক চৰম সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ১২ নৱেম্বৰ তাৰিখে বিষপাণ কৰে আৰু ১৫ নৱেম্বৰ তাৰিখে মৃত্যুৰ সৈতে যুঁজি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত্যুক সাৱতি লয়।
যোৱা কালি পাৰবিনাৰ পৰিয়ালে নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাত লম্পট স্বামী দুলাল উদ্দিন আৰু তেওঁৰ পৰিয়ালৰ নিৰ্যাতনৰ ফলতেই এই তিনি সন্তানৰ মাতৃ গৰাকীয়ে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি এক এজাহাৰ দাখিল কৰে আৰু ইয়াৰ এক উচিত তদন্ত কৰি ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে।
কিয়নো, মৃত্যুৰ পূৰ্বে পাৰবিনা খাতুনে সকলো কথাই পৰিয়ালৰ আগত ব্যক্ত কৰি থৈ যায়।এতিয়া প্ৰশ্ন হয়, আকালতে আত্মহত্যা কৰা এই মহিলা গৰাকীৰ পৰিয়ালে প্ৰকৃত ন্যায় পাবনে সেয়াই পাৰবিনা খাতুনৰ পৰিয়ালৰ সমুখত এক ডাঙৰ প্ৰশ্নহৈ ঠিয় দিছে৷
Pls Comment & share